Header Ads

তিন সুকিয়া তে ভুগু ফুকনের জন্মদিন পালিত

**তিনিচুকীয়াত ভৃগু ফুকনৰ ১৮ তম মৃত্যু বাৰ্ষিকী পালন**
নেতাগৰাকীলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি** 


অগ্ৰদূত বাৰ্তা,তিনিচুকীয়া,২০ মাৰ্চ:- আজি তিনিচুকীয়াত ভৃগু ফুকন ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম টি-লেবাৰ ইউনিয়নৰ সহযোগত প্ৰয়াত ভৃগু ফুকনৰ ১৮ তম মৃত্যু বাৰ্ষিকী পালন কৰে। ভৃগু ফুকন ফাউণ্ডেচনৰ সভাপতি ইজৰাইল নন্দই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰংগ মল্ল বৰুৱাই। ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ যাত্ৰা কৰি এক সুকীয়া স্থান দখল কৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন গৃহমন্ত্ৰী তথা অসম আন্দোলনৰ নেতা ভৃগু ফুকনদেৱৰ মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠানত তেখেতৰ পৰিয়ালৰ মিনু বৰুৱাই উপস্থিত থাকি প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শ্ৰদ্ধাৰে সোঁৱৰে। ইফালে উক্ত অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে উপস্থিত থাকে দৈনিক অসমৰ মুখ্য সম্পাদক হিতেশ কুমাৰ ডেকাই। মুখ্য অতিথিৰ বক্তব্য আগবঢ়াই হিতেশ কুমাৰ ডেকাই কয় যে, “ভৃগু ফুকন ৰাজনৈতিক নেতা হিচাপে নহয় নিজৰ নামেৰেই পৰিচয় আছিল। তেখেত বহু উচ্চস্তৰৰ মানুহ আছিল ৷ আজিৰ দিনটোত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ আৰু ৰাজনৈতিক নেতা ভৃগু ফুকনে অসমৰ জাতীয় জীৱনত এক বিশেষ অৱদান আগবঢ়াই গৈছে ৷ শিৱসাগৰ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত মহাবিদ্যালয়খনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ সময়তে অসমৰ জাতীয়তাবাদী শিৱিৰত খুপনি লৈছিল আৰু শিৱসাগৰৰ আছুৰ অধিবেশনত ভৃগু ফুকনে সম্পাদক হৈছিল আৰু প্ৰফুল্ল মহন্ত সভাপতি হৈছিল। অসম আন্দোলনৰ প্ৰকৃত নেতা আছিল ভৃগু ফুকন। প্ৰফুল্ল মহন্তক আইন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ আনি নেতা বনাইছিল। তাৰ পাছতে ১৯৬০ চনৰ ভাষা আন্দোলনৰ পৰা তেল আন্দোলন, খাদ্য আন্দোলন, জৰুৰী আইনৰ বিৰুদ্ধে আন্দোলন, অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। তাৰ সমান্তৰালভাৱে অসম আন্দোলনতটো নেতৃত্ব বহন কৰিছিল যিটো আন্দোলনত অসমীয়া মানুহ হেৰোৱাইছোঁ।  ৮৫৫ গৰাকীকৈ তেজাল ডেকাই জীৱন হেৰুৱালে অসম চুক্তি হ’ল, কিন্তু অসম মানুহে ভৱাৰ দৰে অসম মুক্তি নহ’ল। পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দল গঠন হ’ল আৰু চৰকাৰ গঠন হ’ল ৷ কিন্তু সংসদীয় ৰাজনীতিত আহিব বিচৰা নাছিল ভৃগু ফুকনে ৷ বসন্ত ডেকাই প্ৰপত্ৰ পূৰি কৰি দিছিল আৰু শেষ দিনা জালুকবাৰী সমষ্টিত জমা দিছিল। বেলেগে ভৃগু ফুকনৰ কাপোৰৰ ৰং জানে, কিন্তু মই তেজৰ ৰং জানো ৷ সেইসময়ত মই কামৰূপ জিলাৰ আছুৰ সভাপতিৰ দায়িত্বত আছিলোঁ। তেখেতক জিকাই অনাত মোৰ নিজৰ সমষ্টি হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলোঁ ৷ সংস্কৃতিয়ে সমাজ গঢ়ে আৰু ৰাজনীতিয়ে ভাঙে, তেওঁৰ ক্ষেত্ৰতো একেই হ’ল। কিছুদিনৰ পাছতে প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ মাজত বিভেদ হৈছিল ৷ নতুন অসম গণ পৰিষদ দলৰ জন্ম হয়।  শেষত ২০০১ চনত পৰাজিত হ’ল ফুকনে ৷ কোনো দিনে কোনো ক্ষেত্ৰত আপোচ নকৰা নেতাগৰাকীয়ে হতাশাত ভুগি অসুস্থ হ’ল, টিল টিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে ৷ এয়া যেন ৰাজনৈতিক হত্যা ঘটিল। বঙালী সমাজে নিজৰ মানুহক ওপৰলৈ উঠাই আৰু অসমীয়াই নমাই, কাৰণ আমি কেকুৰা জাতি ভৃগুৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল। তাৰ জ্বলন্ত উদাহৰণ ড° ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱাও ৷ ভূপেন হাজৰিকাদেৱে আৰ্থিকভাৱে দুৰ্বল আছিল, কোনো সহায় নকৰিলে। কিন্তু মৃত্যুৰ পাছত ৫ লাখ মানুহে শ্ৰদ্ধাঞ্জলি জনালে। সেই ৫ লাখ মানুহে যদি ১০০ টকাকৈ জমা দিয়া হ’লেও ৫ কোটি টকা জমা হ’ল হয়। চিকিৎসালয়ৰ ধন দিবলৈ সম্পত্তি বিক্ৰী কৰিব লগা হৈছিল ৷ ভৃগু ফুকনৰো তেনেকুৱাই হৈছিল। অগপ দল প্ৰতিষ্ঠা কৰা নেতাজনৰ মৃত্যুৰ দিনটোত চাগে অগপৰ কায্যালয়ত এখনো চাকি জ্বলোৱা নাই ৷ এতিয়া জাতীয়তাবাদী ধাৰাৰ শ্মশানযাত্ৰা আৰম্ভ হৈছে ৷ অগপই এতিয়া পুঠি মাছ হৈ বৰালী মাছৰ পেটত সোমাই ককবকাই আছে জীয়াই আছোঁ নে নাই বুলি, বেলেগ দলৰ ভৰিত ধৰি জীয়াই আছে ৷  আজিৰ দিনত ভৃগু ফুকন অচল টকা । সৎ মানুহে ৰাজনীতি কৰিব নোৱাৰে, সেইবাবেই এদিন আঁতৰি যাব লগা হ’ল ।  আকৌ যে তেনে সৎ ব্যক্তিয়ে পাৰিব সেয়া সন্দেহ আছে ৷ আকৌ যদি তেখেতৰ দৰে ৰাজনীতিৰ ধাৰা ঘূৰি আহে তাৰে আশাবাদী।” তাৰ সমান্তৰালভাৱে উপস্থিত থকা তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিপ্ৰসাদ চলিহাই বক্তব্য আগবঢ়াই অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত নাছিল যদিও অসম আন্দোলন দূৰেদূৰে প্ৰত্যক্ষ কৰিছিলোঁ বুলি মন্তব্য কৰে আৰু আজিৰ দিনত ভৃগু ফুকনৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে ৷ লগতে অসম আন্দোলনৰ নেতৃ অলকানন্দা কাকতি কয় যে, তাহানিৰ আছু আৰু এতিয়াৰ আছুৰ বহু পাৰ্থক্য দেখা যায়৷ বৰ্তমান আছুৰ ধাৰা সলনি হৈছে ৷ আমি অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈছিলোঁ, কিন্তু এতিয়া নেতা বিলাসী জীৱনৰ মাজত আৱদ্ধ বুলি সদৰি কৰে ৷ ভৃগু ফুুুকনৰ আদৰ্শ আজিৰ নেতৃত্বই লোৱা উচিত বুলি মন্তব্য কৰে।

প্ৰেৰক:-প্ৰশান্ত খাটোৱাল সৌজন্যে কিরন কুমার মুখার্জী কলিকাতা
তিনিচুকীয়া

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.