ড , লক্ষ হিরা দাসের মৃত্যুতে শোক প্রকাশ
অসম সেৱা সমিতিৰ তৰফৰ পৰা ড° লক্ষহীৰা দাস ডাঙৰীয়ানীৰ মৃত্যুত শোক প্ৰকাশ।।
অসম সেৱা সমিতিৰ প্ৰতিস্থাপক সম্পাদক , বিশিষ্ট গান্ধীবাদী নেতা, সমাজসেৱক ৰামচৰণ দাস ডাঙৰীয়াৰ পত্নী বিশিষ্ট শিক্ষাবিদ,গীতিকাৰ তথা বহু কালজয়ী গীতৰ স্ৰষ্টা ড° লক্ষহীৰা দাস বাইদেউৰ দেহাৱসানৰ খবৰে মৰ্মাহত কৰিছে । অনাতাঁৰ শিল্পী হিচাপে খ্যাতি লাভ কৰা ড° লক্ষহীৰা দাস বাইদেৱে ৫০ৰো অধিক গ্ৰন্থ ৰচনা কৰা লগতে তেখেত গীতিকাৰ, সুৰকাৰ,কন্ঠশিল্পী হিচাপে অসমীয়া সংগীত জগতলৈ অনবদ্য অবদান আগবঢ়াই গৈছে।
তেখেতৰ মৃত্যু অসমৰ সমাজ-জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ কামনাৰে ভগৱানৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ।
ড° হেমপ্ৰভা শইকীয়া।
কোন মন্তব্য নেই