বাজেট এ রা জ্যের সাংবাদিক দের কিছু নেই ক্ষোভ প্রকাশ জাফা র
অসম বিধান সভাৰ বাজেটত সাংবাদিক- সংবাদ কৰ্মীৰ নিৰাপত্তা তথা উন্নয়নৰ বাবে কোনো ধৰণৰ আচঁনি উল্লেখ নথকাত ক্ষোভ প্ৰকাশ জাফাৰ৷
গুৱাহাটী ১১ মাৰ্চ ২৫ : অসম চৰকাৰৰ ২০২৫-২৬ ৰ বাজেটত বিভিন্ন শিতানত বিভিন্ন বাজেট ধাৰ্য্য কৰা হৈছে । কিন্তু উক্ত বাজেটত অসমৰ সংবাদ জগতৰ লগত জড়িত সংবাদকৰ্মী বা সংবাদিকৰ উন্নয়নৰ অৰ্থে কোনোধৰণৰ বাজেট নিৰ্ধাৰন নকৰাত ক্ষোভ প্ৰকাশ কৰিছে জাৰ্নালিষ্ট এছোচিয়েছম ফৰ আছাম চমুকৈ জাফাই।
আজি জাৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জমোহন ৰায় স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে অসম চৰকাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কয় যে সমাজৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিক সকলে বহু কষ্টৰে সংবাদ সেৱা কৰি থাকে কিন্তু অসম চৰকাৰে এই সাংবাদিক সকলৰ কৰ্মক কোনো গুৰুত্ব প্ৰদান নকৰি সাংবাদিক সকলোৰ প্ৰতি কোনোধৰণৰ ব্যৱস্থা এই বাজেটত গ্ৰহণ নকৰাটো
দূৰ্ভাগ্যজনক বুলি ক্ষোভ প্ৰকাশ কৰে।
হীৰকজ্যোতি মেধি
প্ৰচাৰ সম্পাদক
জাফা
কোন মন্তব্য নেই