দিসপূর প্রেস কাবে স্বাস্থ্য পরীক্ষা২৩ মার্চ
সাংবাদিক, সংবাদকৰ্মী আৰু ৰাইজৰ বাবে দিছপুৰ প্ৰেছ ক্লাবত ২৩ মাৰ্চত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন
গুৱাহাটী ১৯ মাৰ্চ: দিছপুৰ প্ৰেছ ক্লাব আৰু ইষ্টাৰ্ণ ষ্ট'ন কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা কিডনী হস্পিটেল আই ইউ কে ডি'ৰ সহযোগত অহা ২৩ মাৰ্চত ৰবিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সাংবাদিক, সংবাদ কৰ্মী আৰু ৰাইজৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ৰবিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকি পৰামৰ্শ আগবঢ়াব
ইউৰ'লজি বিশেষজ্ঞ চিকিৎসক ডাঃ: অৰূপ কুমাৰ নাথে।
কিডনী ষ্ট'নৰ সমস্যা,প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, কিডনী ব্লাডাৰ আৰু প্ৰষ্টেট কেন্সাৰৰ সমস্যা আৰু পূৰুষৰ যৌন সমস্যা সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে পৰামৰ্শ আগবঢ়াব।
দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত সকলোৰে উপস্থিতি কামনা কৰিছে।
কোন মন্তব্য নেই