Header Ads

অসমের ঈশান নিউজের সংবাদিক কে বিনা শর্তে মুক্তির দাবি জাফার

ঈশান নিউজৰ সাংবাদিক আবুল মাজানক বিনাচৰ্তে মুকলিৰ দাবী জাফাৰ 


হিট এণ্ড ৰাণ সম্পৰ্কীয় এক বাতৰি পৰিৱেশন কৰাৰ অপৰাধত বিশ্বনাথৰ ঈশান নিউজৰ সাংবাদিক আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক ধিক্কাৰ দি শীঘ্ৰেই সাংবাদিক গৰাকীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছে জাফাই।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে - হিট এণ্ড ৰাণ সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰাৰ বাবে 
সাংবাদিক আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাতো ৰাজ্যৰ সাংবাদিক সমাজৰ বাবে অতিকৈ চিন্তনীয় বিষয় ।

সত্য বাতৰি পৰিবেশনত সাংবাদিকৰ কলম স্থবিৰ কৰাৰ অভিপ্ৰায়েৰে তথা মুখ বন্ধ কৰাৰ বাবে এই ধৰণৰ ঘটনা সময়ে সময়ে সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰি বিবৃতিটোত জাফাৰ তৰফৰ পৰা কোৱা হয় যে - ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহ - আক্ৰমণৰ ঘটনা সন্দৰ্ভত সংগঠনটোৱে ৰাজ্যৰ মুখ্য মন্ত্ৰীক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি সাংবাদিকৰ সুৰক্ষা আৰু বাক স্বাধীনতা অক্ষুণ্ণ ৰখাৰ দাবী জনাব।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.