Header Ads

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বছরের প্রথম দিন কর্মের মাঝে কাটালেন বলে মনে হল: দেবব্রত সাইকিয়া

মুখ্যমন্ত্ৰীয়ে নৱবৰ্ষৰ প্ৰথমটো দিনতে কৰা প্ৰেছমেলত তেখেতৰ কথা আৰু কৰ্মৰ মাজত থকা পাৰ্থক্য উদঙাই দিলে। ঋণৰ বোজাৰে চৰকাৰ চলাই থকা মুখ্যমন্ত্ৰীয়ে দিলে অসংখ্য ঋণৰ সপক্ষে যুক্তি। ২০১৬ চনত তেখেতে বিত্তমন্ত্ৰী হৈ থাকোঁতে তৰুণ গগৈ চৰকাৰৰ ঋণৰ বাবে বিধানসভাৰ মজিয়াত বিভিন্ন অভিযোগ তথা গালি পাৰিছিল আৰু এতিয়া তেখেতে নিজে নিজৰ মুখ্যমন্ত্ৰীত্বৰ কালত লোৱা ঋণৰ বাবে বাহবাহি বুতলিব বিচাৰিছে। ইয়াৰ উপৰিও ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ ওপৰত তেখেতে বহুত কথা কলেও, মাত্ৰ ফ্লাইঅভাৰ বনালেই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নক নুবুজাই। যদি আমাৰ ৰাজ্যখনে একেবাৰে উন্নয়নৰ পথত একেবাৰে দৌৰি গ'ল হেঁতেন, তেন্তে ৰাজ্যৰ অসংখ্য লোকে অৰুণোদয়ৰ ১২৫০ টকাৰ বাবে ১০ তাৰিখলৈ ৰৈ নাথাকিলে হেঁতেন। তেখেতে বৰঞ্চ এই আঁচনি আৰু অধিক লোকলৈ দিয়াৰ হে পৃষ্ঠপোষকতা কৰি আছে। আমাৰ দৃষ্টিভংগীত এই ১২৫০ টকাৰ পৰিৱৰ্তে যুৱ প্ৰজন্মৰ নিয়োগ বৃদ্ধি কৰিলেহে সেই অৰুণোদয় পোৱা পৰিয়াল সমূহৰ সঁচা অৰ্থত উন্নতি হ'ল হেঁতেন। বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ধন এতিয়ালৈকে মুকলাই দিৱ নোৱাৰা মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ওপৰত দিয়া সমগ্ৰ বাৰ্তা মাথোঁ মিথ্যাছাৰ!

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.