অসম সরভোগ কিঞ্চিৎ শাখার বড় দিনের কবিতা সন্ধ্যা উপহার
*কিঞ্চিত্ সৰভোগ শাখাৰ উদ্যোগত*......
*শীতকালীন কবিতা আবৃত্তি প্ৰতিযোগিতা*
আজিৰ আকৰ্ষণীয় কাব্যানুষ্ঠানটো খ্ৰীষ্টমাছৰ পৱিত্ৰ দিনত উন্মোচন কৰে বৰনগৰৰ বিশিষ্ট সাহিত্যিক, অধ্যাপক শ্ৰদ্ধাৰ *ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য* ছাৰ দেৱে।কবিতা আবৃত্তি সম্পৰ্কত গধূৰ তত্বমূলক মন্তব্য আগবঢ়াই *কিশোৰী মোহন ৰায়* মহোদয়ে অতি সুন্দৰভাৱে অনুষ্ঠানটো পৰিচালনা কৰি আকৰ্ষণীয় কৰি তোলাত সহায় কৰে।
বিচাৰকৰ আসন অলংকৃত কৰে *ডুলু অধিকাৰীৰ লগতে ভানুমতি কাকতি বাইদেউ*। অনুষ্ঠানত প্ৰদৰ্শনমূলক কবিতা আবৃত্তিৰ লগতে কবিতা পাঠ কৰে ভানুমতি কাকতি, কৰৱী দাস, উদয়ানন্দ দাস, স্বপন ভূষণ দত্ত, কিশোৰী মোহন ৰায়, ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যদেৱ প্ৰমুখ্যে।
আজিৰ কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো শিক্ষাৰ্থীক *প্ৰশংসাপত্ৰ, প্ৰথম, দ্বিতীয়,তৃতীয় আৰু নিচুকণি বঁটাও* প্ৰদান কৰা হয়।
কবিতা আবৃত্তি সম্পৰ্কত ভৱিষ্যতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক সামৰি বৃহৎ আকাৰৰ কৰ্মশালাৰ যোগেদি কবিতা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা শাখাৰ সভাপতি উদয়ানন্দ দাসে ব্যক্ত কৰি শলাগৰ শৰাই আগবঢ়ায়।।
দিনাংক: ২৫ ডিচেম্বৰ,২০২৪ ইং, ৰাতিপুৱা ১০ বজাত।








কোন মন্তব্য নেই