Header Ads

গাছ কাটা নিয়ে মুখ্যমন্ত্রীর প্রতিক্রিয়া

উৰণীয়া সেতু নিৰ্মাণৰকল্পে অসম লোকনিৰ্মাণ বিভাগে ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ পাৰৰ শ শ বছৰীয়া পুৰণি গছ কাটিবলৈ লোৱাৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতিক্ৰিয়া----
                       📢
“মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছোঁ৷”

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.