কোয়াকুছি সাহিত্য সামাজিক সাংস্কৃতিক শিশু দিবস উদযাপন
কয়াকুছিত কিঞ্চিৎ আন্ত:ৰাষ্ট্ৰীয়- সাহিত্য-সামাজিক-সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ৰাষ্ট্ৰীয় শিশু দিৱস উদযাপন উপলক্ষে
চিত্ৰাংকণ, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ আয়
Naya thahor ,kolkata
বৰপেটা জিলাৰ বিশ্ব বিখ্যাত ঢাৰি শিল্পৰ নগৰী, বিদ্যা নগৰী তথা ক্ষুদ্ৰ উদ্যোগৰ বাণিজ্য নগৰী খ্যাত কয়াকুছিস্থিত দাৰুল হিকমাহ একাডেমী প্ৰাঙ্গনত কিঞ্চিৎ আন্ত:ৰাষ্ট্ৰীয়- সাহিত্য-সামাজিক-সাংস্কৃতিক গোষ্ঠীৰ কয়াকুছি শাখা আৰু কলগাছিয়া শাখাৰ উদ্যোগত আৰু আল মাহদী এডুকেশ্বনেল ফাউণ্ডেশ্বনৰ সহযোগত ১৪ নৱেম্বৰ বৃহস্পতিবাৰৰ দিনটোত পুৱাৰে পৰাই উলহ মালহেৰে ৰাষ্ট্ৰীয় শিশু দিৱস উদযাপন কৰিব । পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী উপলক্ষে অন্যান্য ঠাইৰ লগতে কয়াকুছিৰ সাহিত্য সংগঠক তথা সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদৰ প্ৰচেষ্টাত আৰু কিঞ্চিৎৰ কয়াকুছি আৰু কলগাছিয়া শাখাই একেলগে এই কাৰ্যসূচী হাতত লৈছে। পুৱা ৯ বজাৰ পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত শিশু দিৱসৰ তাৎপৰ্যৰ ওপৰত চিত্ৰাংকণ প্ৰতিযোগিতা, ১০ বজাত আকস্মিক বক্তৃতা আৰু ১০.৩০ বজাত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতামূলক অনুষ্ঠানৰ শেষত দিনৰ এঘাৰ বজাত অনুষ্ঠি হ'ব পুৰস্কাৰ বিতৰণ আৰু মুকলি সভা। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব কলগাছিয়াৰ ফখৰুদ্দিন আলি আহমেদ একাডেমীৰ সঞ্চালক ডঃ ইফতিকাৰ আলী আহমেদ, কয়াকুছি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হান্নান আলী আহমেদ আৰু বৰপেটা জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক জাহিদুল ইছলামে। অনুষ্ঠানটো আতঁ ধৰিব কিঞ্চিতৰ সেৱক ছাহেদ আলী আহমেদে। মুকলি সভাত শিশু প্ৰেমী , সাহিত্য প্ৰেমী , সচেতন নাগৰিক আৰু অভিভাৱকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আল মাহদী এডুকেশ্বনেল ফাউণ্ডেচনৰ সচিব তথা দাৰুল হিকমাহ একাডেমীৰ অধ্যক্ষ জাহিদুল ইছলামে ।
______________________________________
ছাহেদ আলী আহমেদ
কয়াকুছিৰ
9101977848
9854292640
কোন মন্তব্য নেই