গুয়াহাটিতে পেনশন প্রাপ্ত সাংবাদিকদের সন্মেলনে অনুষ্ঠিত
পেন্সন প্ৰাপ্ত সাংবাদিকৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক গঠন
গুৱাহাটী, ২৪ নবেম্বৰ ঃ মহানগৰীৰ চান্দমাৰী পেঞ্চনাৰ ভৱনত পেন্সনপ্ৰাপ্ত সাংবাদিক সকলৰ এখন অভিবৰ্ত্তন আজি অনুষ্ঠিত হৈ যায়। এই অভিবৰ্ত্তনে 'অসম সাংবাদিক পেঞ্চনাৰ সংস্থা' ( ইংৰাজীত Assam Journalist Pensioner's Association) নামেৰে এটা সংগঠন গঠন কৰা হয় । ৰাজ্যখনৰ অৰ্ধ শতাধিক পেঞ্চনপ্ৰাপ্ত সাংবাদিক উপস্থিত থকা অভিবৰ্ত্তনত সভাপতিত্ব কৰে কেশৱ কলিতাই । আৰম্ভণিতে ৰাজ্যৰ প্ৰয়াত সাংবাদিকসকলৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰা হৈছে । এই সভাতে সৰ্বসন্মতিক্ৰমে কেশৱ কলিতাক সভাপতি, বেদব্ৰত মিশ্ৰক কাৰ্যকৰী সভাপতি, মানস কুমাৰ মহন্তক সাধাৰণ সম্পাদক আৰু উদয় বৰগোহাঁইক কোষাধ্যক্ষ হিচাপে লৈ এখন ৰাজ্যিক কমিটী গঠন কৰা হয় । জ্যেষ্ঠ সাংবাদিক বিমান হাজৰিকা, পি জে বৰুৱা, অমূল্য খাটনিয়াৰকে ধৰি পাঁচ জনক উপদেষ্টাৰূপে মনোনীত কৰা হয় । সভাই সাংবাদিকৰ পেঞ্চনৰ পৰিমাণ ২৫ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ পোষকতা কৰে ।( প্রথম ব্যাচের তালিকা)
কোন মন্তব্য নেই