Header Ads

সাংবাদিকদের পেনশন , মিডিয়া ফেলোশিপ দেবার দাবিতে মুখ্যমন্ত্রীকে আবেদনপত্র

#সাংবাদিক পেঞ্চন, মিডিয়া ফেলশ্বিপ আৰু সাংবাদিকৰ এককালীন সাহাৰ্য্য আচনি পুনৰ ৰূপায়ণৰ দাবীত #

#মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আপকু'ৰ স্মাৰকপত্ৰ প্ৰদান#

গুৱাহাটী ৭ডিচেম্বৰঃৰাজ্যৰ সাংবাদিক সকলৰ কল্যাণৰ বাবে সাংবাদিক পেঞ্চন, মিডিয়া ফেলশ্বিপ আৰু সাংবাদিকৰ এককালীন সাহাৰ্য্য আঁচনি পুনৰ ৰূপায়ণৰ দাবীত আজি আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু যে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে।আপকুৰ কেন্দ্ৰীয় সমিতিৰ হৈ সভাপতি স্বপ্নন কুমাৰ ৰাভা,কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, সম্পাদক শৰৎ শেনচোৱা আৰু কামৰূপ জিলা সমিতিহৈ সভাপতি হাছানুল আহমেদ, সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে স্বাক্ষৰ কৰা স্মাৰকপত্ৰত আপকুয়ে  উল্লেখ কৰে যে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সাংবাদিক সকলৰ বাবে সাংবাদিক পেঞ্চন, মিডিয়া ফেলশ্বিপ আৰু সাংবাদিকৰ এককালীন সাহাৰ্য্য আদি 
আঁচনি কেইটা ৰূপায়ণ কৰিছিল।কিন্তু দুৰ্ভাগ্যজনকভাৱে বিভিন্ন ঘাত প্ৰতিঘাতৰ লগতে ভয়ংকৰ কোভিডৰ মহামাৰীৰ সময়তো নিজৰ জীৱনক তুচ্ছ কৰি সেৱা আগবঢ়াই অহা সাংবাদিক সকলৰ  উক্ত কল্যাণকামী আঁচনিকেইটা চলিত বৰ্ষত ৰূপায়ণ হোৱা নাই।সেয়ে 
আপকুৰ কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিখনে পৃথকে পৃথকে সাংবাদিকৰ কল্যাণৰ বাবে উক্ত আঁচনি কেইটা পুনৰ ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মালৈ তেওৰ কাৰ্যালয়ত স্মাৰকপত্ৰ দুখন প্ৰদান কৰে। 
---/----

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.