সি আর পিএফের উদ্যোগে রানী গণপতি প্রাথমিক বিদ্যালয়ে জল ফিল্টার টাইলস সিলিং নির্মাণ
চি আৰ পি এফৰ উদ্যোগত ৰাণী গণপতি প্ৰাথমিক বিদ্যালয়ত পানী ফিল্টাৰ, টাইলচ, চিলিং নিৰ্মাণ
নয়া ঠাহর :গুৱাহাটী , ৩১ মাৰ্চ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানে কৰি অহা জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে মেঘালয় সীমান্তৰ ৰাণী গণপতি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আৰু বিদ্যালয়খনৰ আন্তঃগাঠনিৰ কামৰ পুনঃনিৰ্মাণ কৰিছে । ৩০ মাৰ্চত এই উন্নয়নমূলক কামৰ আনুষ্ঠানিকভাৱে মুকলি কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বিদ্যালয়খনত পানীফিল্টাৰ, পৰ্টেবল পানী বিশুদ্ধকৰণ ব্যৱস্থা স্থাপন, বৰ্তমানৰ শ্ৰেণীকোঠাৰ ভঙা চিলিঙৰ মেৰামতি, সংস্কাৰ কাম, শ্ৰেণীকোঠাত বৈদ্যুতিক তাঁৰৰ কাম মেৰামতি, সংস্কাৰ, ক্ষতিগ্ৰস্ত অাভ্যন্তৰীণ আৰু বাহিৰৰ অংশৰ প্লাষ্টাৰ আৰু ফিনিচিং কাম দেৱালৰ মেৰামতি ,
মজিয়াত টাইলছ ফিটিং কৰি পাঠদানৰ উপযোগী কৰি দিয়ে ১৭৫ চি আৰ পি এফ বাহিনীয়ে। এই উপলক্ষে অনুষ্ঠিত সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চি আৰ পি এফে বিদ্যালয়খনৰ উন্নয়নৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে আগন্তক দিনত তেওঁ বিদ্যালয়খনৰ উন্নয়নৰ বাবে ব সহায়ৰ হাত আগবঢ়াব বুলি সদৰি কৰে । অনুষ্ঠানত সীমান্তৰ অনগ্ৰসৰ অঞ্চলৰ লোকসকলক সৌৰশক্তি চালিত লাইট (চোলাৰ লাইট) বিতৰণ কৰা হয় । অনুষ্ঠানত ১৭৫ চি আৰ পি এফৰ কামাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝা, ছেকেণ্ড - ইন - কমাণ্ড কে কে.এল ধীমান , ডেপুটী কমাণ্ডেণ্ট ৰবি শ্ৰীবাস্তৱ অাৰু আব্দুল ৰহীম, ৰাণী উন্নয়ণ খণ্ডৰ খণ্ডউন্নয়নবিষয়া ' ড০ আজিজা বেগম ৰাণী গণপতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পল্লবী দাস , স্থানীয় গাওঁবুঢ়াকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক , ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বাৰে ৰহনীয়া জনগোষ্ঠীয় গীত-নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে দৰ্শক আপ্লুত কৰে । উল্লেখযোগ্য যে বিগত সময়চোৱাত ১৭৫ চি আৰ পি এফ বেটেলিয়ানে জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে ৰাণী হাইস্কুলকে ধৰি অঞ্চলটোৰ কেবাখনো শিক্ষা প্ৰতিষ্ঠান , ক্লাব , মহিলা সংগঠনকে ধৰি ৰাজহুৱা অনুষ্ঠান - প্ৰতিষ্ঠান সমূহক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে।
কোন মন্তব্য নেই