Header Ads

পানীর বিষাদ উৎসব শীর্ষক কাব্য গ্রন্থ উন্মোচন

নয়া ঠাহর ,গুয়াহাটি :পানীৰ বিষাদ উৎসৱ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

আজি অসম গ্ৰন্থ মেলাত আনুষ্ঠানিকভাৱে পানীৰ বিষাদ উৎসৱ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন হয়। উদ্যমী, কবি উপাসনা বৰা পানীৰ বিষাদ উৎসৱ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে পৰিচালক, কবি হিমাংশু প্ৰসাদ দাসৰ লগতে বহুকেইগৰাকীয়ে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো আঁত ধৰে সাংবাদিক প্ৰাঞ্জল এ শৰ্মা। গ্ৰন্থখন উন্মোচন কৰি হিমাংশু প্ৰসাদ দাসে উপাসনা বৰাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে পাঠক সমাজৰ সহাঁৰি কামনা কৰে। কাব্যগ্ৰন্থখনৰ সম্পৰ্কে কবি উপাসনা বৰাই কয় যে এইখন মোৰ প্ৰথম কাব্য সংকলন। ইয়াত জীৱনত লাভ কৰা বিভিন্ন হৰ্ষ বিষাদ মূহুৰ্ত্ব সন্নিবিষ্ট কৰা আছে। উল্লেখযোগ্য যে প্ৰায় ৫০ টা মান কবিতা সন্নিবিষ্ট থকা কাব্যগ্ৰন্থখনৰ মূল্য ১১০ টকা।  কাব্যগ্ৰন্থ উন্মোচনী অনুষ্ঠানত জনসংযোগ বিষয়া তথা কবি বিজয় বেজবৰুৱা, এন ই ফ'কাচ ডট কম সম্পাদক সংগীতা শইকীয়া, কবি মৃদুল বৰ্মন, প্ৰাঞ্জল দলৈ, বি আৰ বূক ষ্টল স্বতাধিকাৰী গকুল কলিতা উপস্থিত থাকে।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.