বাঘ হাজরিকা কি কংগ্রেস দলের সৃষ্টি?
বিশ্বজিৎ নাথ গুয়াহাটি :::*বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকি আছিল নেকি কংগ্ৰেছৰ সৃষ্টি :: বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিঙহৰ বক্তব্যই প্ৰমাণ কৰিছে কিছু সন্দেহৰ বাস্তৱিকতা !*
অসমত যুগ-যুগ ধৰি বাস কৰা খিলঞ্জীয়া মুছলমানৰ দেশভক্তিৰ ওপৰত আমি কেতিয়াও সন্দেহৰ দৃষ্টিৰে চোৱা নাই। কিন্তু সেই বুলি নিজৰ দেশ ভক্তি প্ৰমাণ কৰিবলৈ এক কাল্পনিক চৰিত্ৰৰ সৃষ্টি কৰাটো কেতিয়াও সমৰ্থন যোগ্য নহয়। কিয়নো প্ৰায়বোৰ বুৰঞ্জীয়েই শৰাইঘাটৰ যুদ্ধত ইছমাইল ছিদ্দিকি বা বাঘ হাজৰিকা বুলি লাচিত বৰফুকনৰ এজন পালি সেনাপতি থকাৰ কথা অস্বীকাৰ কৰি আহিছে। তৎস্বত্বেও একাংশই হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰিবলৈ এই চৰিত্ৰটো সৃষ্টি কৰাৰ অপচেষ্টা কৰি আহিছে। বাঘ হাজৰিকা ইতিহাসত থাকক বা নাথাকক সেইবুলি হিন্দু-মুছলমানৰ সম্প্ৰীতিত বাধাৰ সৃষ্টি নহয়। আমি এই কাল্পনিক চৰিত্ৰৰ বিৰোধিতা এই কাৰণেই কৰিছোঁ যে এই কাৰ্যৰ যোগেদি অসমৰ ইতিহাস বিকৃত কৰা হৈছে। এই কাৰ্য কোনো পধ্যেই গ্ৰহণযোগ্য নহয়।
এতিয়া আহো মূল প্ৰসংগলৈ। আমি অতীজৰে পৰাই জানো যে অসম আৰু ভাৰতত দীৰ্ঘদিন ধৰি শাসনকাৰ্য পৰিচালনা কৰা ভাৰতীয় জাতীয় কংগ্ৰেছে বিভিন্ন সময়ত আমাৰ দেশৰ আৰু ৰাজ্যৰ গৌৰৱময় ইতিহাস বিকৃত কৰি আহিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে মুছলমান তুষ্টিকৰণ। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত এজন মুছলমান উপ-সেনাপতি আছিল। তেওঁ আছিল ইছমাইল ছিদ্দিকি বা বাঘ হাজৰিকা। এই বিষয়টো চৰকাৰী শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ একেবাৰে শেষৰটো কাৰ্যকালৰ শেষৰ বছৰটোত। নৱম আৰু দশম শ্ৰেণীৰ দ্ৰুতপাঠ অৰ্থাৎ ৰেপিড ৰিডাৰত "বৈচিত্ৰময় অসম" শীৰ্ষক অধ্যায়টোত শৰাইঘাটৰ যুদ্ধৰ আলোচনাত এই বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এই তথ্যই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুছলমান তুষ্টিকৰণৰ বাবে ইতিহাস বিকৃত কৰাৰ অন্যতম প্ৰমাণ নহয়। সেয়ে অধিক অনুসন্ধান আৰু প্ৰমাণৰ বাবে মই যোগাযোগ কৰিলোঁ অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াৰ সৈতে। মই তেওঁক সুধিলো যে, গুৱাহাটীৰ কাছাৰীত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা শৰাইঘাটৰ যুদ্ধৰ স্মাৰকটো আপুনি নিৰ্মাণ কৰা বুলি জানো। সেয়ে জানিব বিচাৰিছোঁ যে শৰাইঘাটৰ যুদ্ধৰ উক্ত স্মাৰকটোৰ লগত বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকি বুলি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ পিছতেই এগৰাকী উপ-সেনাপতিৰ প্ৰতিমূৰ্ত্তি আপুনি কিয় নিৰ্মাণ কৰিলে? বুৰঞ্জীত দেখোন তেনে কোনো চৰিত্ৰই নাছিল! তেতিয়া অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াই মোৰ আগত কৈছিল যে, "মই নিজে বুৰঞ্জীবিদ নহয়। মই এগৰাকী সাধাৰণ ভাস্কৰ্য শিল্পী। তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালৰ একেবাৰে নিৰ্বাচনৰ (সম্ভৱতঃ ২০১৫) সময়ত মই এই শৰাইঘাট যুদ্ধৰ স্মাৰকটো নিৰ্মাণ কৰিছিলোঁ। মই কেৱল লাচিত বৰফুকন বা একাংশ সৈন্য সামন্তৰ ভাস্কৰ্যহে নিৰ্মাণ কৰিছিলোঁ। কিন্তু তদানীন্তন চৰকাৰে মোক কলে যে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটোৰ কাষতেই এজন মুছলমান উপ-সেনাপতিৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিব লাগে। সেয়ে মই চৰকাৰৰ নিৰ্দেশত বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকিৰ প্ৰতিমূৰ্ত্তি উক্ত স্মাৰকটোত প্ৰতিষ্ঠা কৰিছিলোঁ। যিহেতু এই শৰাইঘাট যুদ্ধৰ স্মাৰকটো বা প্ৰকল্পটো তদানীন্তন কংগ্ৰেছ দলৰ চৰকাৰৰ প্ৰকল্প আছিল। সেয়ে ইয়াত মোৰ কোনো ভূমিকা নাই।"
এয়া অসমৰ প্ৰবীণ তথা প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াই মোৰ আগত আজি সন্ধিয়া দিয়া ভাষ্য। এতিয়া আমাৰ সন্মুখত ইমাদিনে ধুৱলী কুঁৱলী হৈ থকা বিষয়বোৰ ক্ৰমান্বয়ে ভাস্বত হৈ পৰিছে। কেনেদৰে কেৱল ইছলাম ধৰ্মাৱলম্বীক তোষণ কৰাৰ বাবে তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কি দৰে অসমৰ ইতিহাস বিকৃত কৰি বাঘ হাজৰিকা নামৰ এটা চৰিত্ৰৰ সৃষ্টি কৰিছিল। সেয়ে বিচাৰৰ ভাৰ জনতাজনাৰ্দনৰ হাতত এৰিলোঁ। আমি বিষয়টো পোহৰলৈ অনাৰ মাথোঁ ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ।
#বি:দ্ৰ: উত্থাপিত আন এক অভিযোগ অনুসৰি, তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তদানীন্তন অসম চৰকাৰৰ মন্ত্ৰী তথা বৰ্তমানৰ চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে শৰাইঘাটৰ যুদ্ধৰ স্মাৰকটোত বাঘ হাজৰিকাৰ বা ইছমাইল ছিদ্দিকিৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। যাৰ বাবে তৰুণ গগৈ ডাঙৰীয়াই বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকিৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰিবলৈ তদানীন্তন বিশেষজ্ঞ সমিতিক নিৰ্দেশ দিছিল।
*বিশ্বজিৎ নাথ*
*২৭/১১/২০২২*
*গুৱাহাটী*
কোন মন্তব্য নেই