Header Ads

জয়ন্ত হাজরিকার জন্ম দিনে শিল্পী লোপা মুদ্রা মিত্র কে জীবন জোরা সাধনা পুরস্কার

 নয়া ঠাহর  গুয়াহাটি:*জয়ন্ত হাজৰিকাৰ জন্মদিৱসত কলকাতাৰ শিল্পী লোপমূদ্ৰা মিত্ৰক জীৱন যোৰা সাধনা বটাঁ প্ৰদান সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ* 
গুৱাহাটী,২০ছেপ্তেম্বৰ: মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ব্যতিক্রম মাছড ' শীর্ষক সংস্থা টোৱে আয়োজন কৰা সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ ৭৯ সংখ্যক জন্ম দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সাংস্কৃতিক মন্ত্রী বিমল বড়াই জয়ন্ত হাজৰিকাদেৱৰ গীতে আমাৰ মনক যুগে যুগে অনুৰণিত কৰি থাকিব বুলি প্ৰকাশ কৰে । আনন্দ ৰাম ঢেকিয়াল ফুকন, আনন্দ ৰাম বৰুৱা আদিৰ সৈতে কম বয়সতে জীৱন নাট সামৰা ক্ষণ জন্মা পুৰুষ সকলৰ সৈতে জয়ন্ত হাজৰিকাকো একে শাৰীতে ৰাখিব পাৰি যিসকলে অল্পায়ুহৈও নিজ কৰ্মৰে জাতিটোক মহিয়ান কৰি থৈ গ'ল - মন্ত্রী বড়াই তেওঁৰ ভাষণত কয়। এই অনুষ্ঠানতে মন্ত্রী বড়াই  শিল্পী মনিষা হাজৰিকা, অভিনেতা প্ৰাঞ্জল শইকীয়া আদিৰ সহযোগত পশ্চিম বংগৰ শিল্পী লোপমূদ্ৰা মিত্ৰক জয়ন্ত হাজৰিকা ব্যতিক্রম জীৱনযোৰা  সাধনা বটাঁ প্ৰদান কৰে। ইয়াৰ পূৰ্বে অহা অক্টোবৰত প্ৰকাশ পাব লগা জয়ন্ত হাজৰিকা শীর্ষক স্মৃতি গ্ৰন্হ এখনৰ বেটুপাতো সকলকে সহযোগত উন্মোচন কৰে।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানটিত শিল্পী লোপমূদ্ৰা মিত্ৰ আৰু মনিষা হাজৰিকাই সংগীত পৰিৱেশন কৰে। 
জনসম্পৰ্ক ৰক্ষীবিষয়া, উদ্যোগ মন্ত্রী, অসম

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.