Header Ads

বিধানসভাতে বিরোধী দলপতি দেবব্রত সাইকিয়া সংকল্পব প্রস্তাব

আজি অসম বিধানসভাৰ মজিয়াত মোৰ লগতে মোৰ সতীৰ্থ বিধায়ক সকল ক্ৰমে শ্ৰী কমলাক্ষ দে পুৰকায়স্থ, শ্ৰী জাকিৰ হুছেইন সিকদাৰ, শ্রী মতী নন্দিতা দাসৰ সৈতে তলত উল্লেখিত বিষয়ৰ সন্দৰ্ভত এক সংকল্প প্ৰস্তাৱ উত্থাপন কৰোঁ।

✅“অসম চৰকাৰে অসম-মেঘালয় সীমান্তৰ সমস্যা সমাধানৰ বাবে দ্বি পাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমাধানৰ বাবে প্রচেষ্টা চলাইছে। এনে ধৰণেৰে দ্বি-পাক্ষিক বৈঠকৰ দ্বাৰা সীমা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত আগ্রাসী হ'লে অসম-নাগালেণ্ড, অসম-মিজোৰাম, অসম-অৰুণাচল আদি ৰাজ্যৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ ৰাজ্যই অধিক ক্ষতিগ্রস্ত হ'ব। সেয়েহে ইয়াৰ পৰিৱৰ্তে ভাৰতীয় সংবিধানৰ ব্যৱস্থা অনুসৰি আৰু এই ব্যৱস্থাৰ ভিত্তিত আলোচনাৰ মাধ্যমেৰে অসমৰ কেউখন ওচৰ-চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ আজিৰ বিধান সভাই প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে।”

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.