Header Ads

অসমীয়া -বাঙালি টানাপড়েনের মাঝে বাঙালিদের অবদান স্মরণ করিয়ে দিয়েছেন বাঙালি অধ্যাপক প্রশান্ত চক্রবর্তী

এখন সাকোঁ

ডঃ প্ৰশান্ত চক্ৰৱৰ্তী, বাংলা বিভাগ
কটন বিশ্ববিদ্যালয়

ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত প্ৰথমখন চৰকাৰী স্কুল স্থাপিত হয় ১৮৩৪ চনত। এই স্কুলখনেই হৈছে বৰ্তমানৰ কটন কলেজিয়েট স্কুল। প্ৰাতঃস্মৰণীয় ভাৰতৰ পঞ্চমজন চিভিলিয়ান সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাকে কৰি ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা এই স্কুলৰ ছাত্ৰ। ১৯ শতিকাত এইখন স্কুলত বঙ্গদেশৰ পৰা এজন বঙালী ভদ্ৰলোকে প্ৰধান শিক্ষকৰূপে যোগদান কৰে। তেওঁৰ নাম আছিল জন্মেজয় দাস। তেওঁৰেই অনুপ্ৰেৰণাত আনন্দৰাম বৰুৱা, বলিনাৰায়ণ বৰা, জানলুৰ আলি আহমেদ আৰু শিৱৰাম বৰা বিলাতলৈ গৈছিল। গিলখ্ৰাইস্ট বৃত্তি লাভ কৰা বলিনাৰায়ণ হ’ল অসমৰ প্ৰথমজন ইঞ্জিনিয়াৰ। তেওঁ বিখ্যাত “মৌ” পত্ৰিকাৰ সম্পাদক আছিল আৰু বিয়া কৰাইছিল বঙ্গৰ স্বনামধন্য চিভিলিয়ান আৰু ঔপন্যাসিক ৰমেশচন্দ্ৰ দত্তৰ মাজু জীয়ৰী বিমলাক। অসমীয়া ভাষা বাংলাৰ উপভাষা নে স্বতন্ত্ৰ ভাষা বৃটিছ প্ৰশাসনে ৰমেশবাবুৰ পৰা জানিব বিচাৰিছিল। তেখেতে এখন দীঘল শব্দৰ তালিকা প্ৰস্তুত কৰি অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰা ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। মজাৰ কথা যে তেওঁ বঙালী হৈয়ো অসমীয়াক সমৰ্থন কৰিছিল আৰু তেওঁৰ জোঁৱায়েক বলিনাৰায়ণ অসমীয়া হৈয়ো অসমত বাংলা ভাষা প্ৰচলন হোৱা বিচাৰিছিল।

বিশিষ্ট অসমীয়া পণ্ডিত ডঃ সূৰ্যকুমাৰ ভূঞাই জন্মেজয় দাসক অসমৰ টমাচ আৰ্ন’ল্ড বুলি অভিহিত কৰিছে। ডঃ ভূঞাই উল্লেখ কৰা মতে অসমত ইংৰাজী শিক্ষাৰ আৰম্ভণি আৰু বিস্তাৰ জন্মেজয় দাস নামৰ বঙালী শিক্ষকজনৰ পৰাই আৰম্ভ হৈছিল। জন্মেজয় দাসৰ প্ৰথমা পত্নী আছিল বঙ্গদেশীয় আৰু তেওঁৰ অকালতে মৃত্যু হয়। জন্মেজয় বাবুৱে পৰৱৰ্তী সময়ত এগৰাকী সুন্দৰী অসমীয়া তৰুণীক বিবাহ কৰাই নিগাজীকৈ অসমত থাকি যায়। ভাৱি চাওকচোন, অসমীয়া-বঙালীৰ মাজত বিবাহ সম্পৰ্ক সেই তাহানিৰ দিনৰে পৰা চলি আহিছে। সেই সময়ত অসম আছিল এখন দুৰ্গম ৰাজ্য। পথ-ঘাট নাই, একমাত্ৰ নদীপথেই ভৰসা। বঙ্গীয় পুৰুষসকলে কামাখ্যা দৰ্শন কৰিবলৈ আহিছিল কিন্তু ইয়ালৈ আহি দুৰ্গম যাতায়ত ইত্যাদিবোৰৰ কথা ভাৱি অনেকেই থাকি গ’ল। স্থানীয় ছোৱালীক বিয়া-বাৰু কৰাই ঘৰ-সংসাৰ পাতি বহিল। সেই সময়ত সমাজ আছিল মাতৃতান্ত্ৰিক আৰু খাচীসকলৰ মাজত এতিয়াও সেই নিয়ম আছে। এই যে পুৰুষসকল কামৰূপলৈ আহি ভেড়া হৈ যায় সেই লোকশ্ৰুতি এইবোৰ কাৰণতে সৃষ্ট বুলি কটন কলেজৰ বিখ্যাত বঙালী পণ্ডিত পদ্মনাথ বিদ্যাবিনোদে জনাইছে। এই পদ্মনাথেই হ’ল অসম সাহিত্য সভাৰ মূল প্ৰস্তাৱক। দৰাচলতে ঢৌ খেলা সেউজীয়া পাহাৰ, প্ৰাণ প্ৰবাহৰ দৰে নদী আৰু বিস্তীৰ্ণ উপত্যাকা, অসমৰ উদাৰ প্ৰকৃতি আৰু সৰল জীৱনৰ টানত মানুহ ইয়াতেই থাকি যায়। কোনো এক অদৃশ্য মায়াৰ বশ হৈ পৰে। বোধকৰো মায়াবিনীৰ দেশলৈ আহি ভেড়ালৈ পৰিৱৰ্তিত হোৱা এই লোকগল্পসমূহৰ মূল কথা এইবোৰেই....

অসমীয়া-বঙালীৰ বিয়া নতুন কথা নহয়। ৰবীন্দ্ৰনাথৰ সৈতেও এগৰাকী বিদুষী আৰু অতীব সুন্দৰী কন্যাৰ বিয়াৰ কথা চলিছিল। তেওঁ আছিল আসামবন্ধু পত্ৰিকাৰ সম্পাদক গুণাভিৰাম বৰুৱাৰ সুপুত্ৰী স্বৰ্ণলতা। স্বৰ্ণলতা কলকাতাৰ বেথুন কলেজত পঢ়িছিল আৰু সম্ভৱতঃ অসমৰ প্ৰথম মহিলা স্নাতক। কলকাতাৰ ডাঃ নন্দকুমাৰ ৰায়ৰ সৈতে স্বৰ্ণলতাৰ প্ৰথম বিবাহ হয় আৰু নন্দকুমাৰৰ অকাল প্ৰয়াণৰ পিছত ক্ষীৰোদ চন্দ্ৰ ৰায়চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ব্ৰাহ্ম সমাজৰ আছিল বাবে বিধৱা বিবাহ হৈছিল। মহৰ্ষি দেবেন্দ্ৰনাথৰ আপত্তি থকা বাবে ৰবীন্দ্ৰনাথৰ সৈতে স্বৰ্ণলতাৰ বিয়াখন নহ’ল। বিয়াখন হোৱাহেঁতেন ৰবীন্দ্ৰনাথ অসমৰ জোঁৱাই বুলি অসমৰ মানুহখিনিয়ে গৰ্ব কৰিব পাৰিলেহেঁতেন। কবিগুৰুৰ সৈতে নহলেও অসমীয়া পৰিয়ালৰ সৈতে ঠাকুৰবাড়ীৰ বৈবাহিক সম্বন্ধ ঘটিছে। দুখন বিয়া অতি প্ৰসিদ্ধ। ১৮৯১ চনৰ ১১ মাৰ্চত আধুনিক অসমৰ সকলোতকৈ উল্লেখযোগ্য সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে ৰবীন্দ্ৰনাথৰ ভতিজী (ককায়েক হেমেন্দ্ৰনাথৰ জীয়ৰী) প্ৰজ্ঞাসুন্দৰী দেৱীৰ বিবাহ অনুষ্ঠিত হয়। বিয়াত নতুন অসমীয়া জোঁৱায়েকক ককাশহুৰ দেবেন্দ্ৰনাথে এটি সোণৰ কলম উপহাৰ দিয়ে। ১৯০৬ চনত ৰবীন্দ্ৰনাথৰ ডাঙৰ ককায়েক দ্বিজেন্দ্ৰনাথৰ নাতিনী (পুত্ৰ অৰুণেন্দ্ৰনাথৰ কন্যা) লতিকাৰ সৈতে গুণাভিৰামৰ পুত্ৰ আৰু স্বৰ্ণলতাৰ ভায়েক জ্ঞানদাভিৰাম বৰুৱাৰ বিয়া হয়। জ্ঞানদাভিৰাম আৰ্ল ল কলেজৰ প্ৰিন্সিপাল আছিল আৰু এটা চৰকাৰী বাসভৱনত আছিল। গুৱাহাটীৰ এই বাংলোটোত ১৯১৯ চনত ৰবীন্দ্ৰনাথ তিনিদিন আলহী হিচাবে থাকি গৈছে। বৰ্তমান এই ঘৰটো কটন বিশ্ববিদ্যালয়ৰ পদ্মশ্ৰী নলিনী বালা দেৱী হোষ্টেলৰ চুপাৰৰ চৰকাৰী বাসগৃহ।

জ্ঞানদাভিৰাম আৰু লতিকাৰ জীয়ৰী ইৰা আৰু ইৰাৰ ছোৱালী হ’ল অভিনেত্ৰী শৰ্মিলা ঠাকুৰ। কিছু বছৰৰ আগতে শৰ্মিলাক উইলিয়ামচন মেগৰৰ অনুষ্ঠানত পুৰস্কাৰ দিবলৈ আহিছিল প্ৰাক্তন মহামহিম ৰাষ্ট্ৰপতি প্ৰণৱ মুখোপাধ্যায় ডাঙৰীয়া। অনুষ্ঠানৰ শেষত অলপ সময়ৰ বাবে শৰ্মিলাক লগ পাই জনাইছিলোঁ – ৰবীন্দ্ৰ স্মৃতিধন্য তেওঁৰ ককাকৰ বাংলোটো এতিয়াও আছে। শুনি আশ্চৰ্যচকিত হৈছিল শৰ্মিলা, কৈছিল ঘৰটো চাবলৈ এদিন আহিব।

কিছুদিন হ’ল, জাতীয়তাবাদৰ নামত অসমত দিনে-ৰাতি উগ্ৰ জাতীয়তাবাদৰ প্ৰচাৰৰ চেষ্টা চলিছে। বিদ্বেষ, সন্দেহ আৰু এটা চেপা আক্ৰোশ। কেতিয়াবা এনে ভাৱো আহিছিল যে অসমৰ হিন্দু বঙালী মানেই বাংলাদেশী আৰু অসমীয়া বিদ্বেষী। কিন্তু প্ৰকৃততে সি কেতিয়াও নহয়। অসমৰ জাতীয় জীৱনত, অসমীয়া ভাষা-সংস্কৃতিত অসংখ্য হিন্দু বঙালীৰ অৱদান আছে আৰু আছে সমন্বয়ৰ নানা ধাৰা। অসমীয়া-বঙালীৰ মাজত সম্পন্ন অজস্ৰ বিবাহসমূহেই ইয়াৰ প্ৰমাণ। এনেবোৰ বিয়া চলি আহিছে আৰু আগলৈকো চলিব। ২১ ফেৱ্ৰুৱাৰী তাৰিখে অসমৰ বিশিষ্ট সাহিত্যিক সম্পাদক অনুৰাধা শৰ্মা পূজাৰীৰ পুত্ৰ দিহাঙে বিয়া কৰায় কলকাতাৰ বঙালী কন্যা শ্ৰীলেখাক। অনুৰাধাবাই জনাইছে শ্ৰীলেখাই এইকেইদিনতে বৰ ধুনীয়াকৈ অসমীয়া ক’বলৈ শিকিছে। কিমান ভাল লগা কথা ভাবকচোন! মই শ্ৰীলেখাক ক’লোঁ আমাৰ অসমীয়া-বঙালীৰ মাজত বিয়া হোৱা পৰিয়ালসমূহে বছৰৰ অন্ততঃ এটা দিন পৰিয়াল-পৰিজন সহ একেলগ হ’ম। অসমীয়া-বঙালী সকলোবোৰ একেলগে মিলি খোৱা-বোৱা, গান-বাজনা কৰিম। তোমালোক নতুন মেম্বাৰ, তোমালোকক স্বাগতম জনাইছোঁ। এফালে যিসকলে হাই-কাজিয়া কৰিব খোজে কৰি থাকক, আমি মিলনৰ পথ সদায় বচাই ৰাখিম। মোৰ কথা শুনি শ্ৰীলেখাৰ বৰ আনন্দ! তেওঁ সুন্দৰ ৰবীন্দ্ৰ সঙ্গীত গাব জানে।

সেইদিনা তেওঁলোকৰ বিয়াৰ চতুৰ্থমঙ্গল অনুষ্ঠানলৈ গৈছিলোঁ। এক ইলাহী কাৰবাৰ! হয়তো পাঁচহাজাৰমান লোকৰ সমাৱেশ হৈছিল। লগ পালোঁ মোৰ শিক্ষাগুৰু ডঃ উষাৰঞ্জন ভট্টাচাৰ্য আৰু তেওঁৰ সুপত্নী ৰুবী বৌক। দেখা হ’ল অসম বাণীৰ সম্পাদক দিলীপ চন্দন দা আৰু আন বহুতৰ সৈতে। অসমৰ সকলো ধাৰাৰ বিশিষ্ট লোকসকল আছিল। উভতি অহাৰ পথত মনত পৰিছিল ৰবীন্দ্ৰনাথৰ সেই বিখ্যাত চিঠিখনৰ বাক্যশাৰী –

“আমাৰ বংশৰ কন্যা এদিন যেতিয়া অসমীয়া যুৱকৰ সৈতে বিবাহ বন্ধনযুক্ত হৈছিল মই বিশেষভাৱে আনন্দিত হৈছিলোঁ। এনে ধৰণৰ বিবাহসূত্ৰৰ দ্বাৰা মিলন যদি সম্ভৱপৰ নহয় তেনেহলে ক’ব লাগিব যে ৰাষ্ট্ৰীয় ঐক্য সম্বন্ধে ৰাষ্ট্ৰীয় সভামঞ্চত আমি যি বাগ্মিতা বিস্তাৰ কৰোঁ সি এটা শোকাবহ প্ৰহসন।” - ৫ মে’,১৯৩৫। স্নেহাসক্ত ৰবীন্দ্ৰনাথ ঠাকুৰ।
(অনুবাদ কৰা হৈছে) (লেখাটি পুরোনো, খুব প্রাসঙ্গিক বলে   আবার অসমীয়া ভাষা তে পোস্ট করা হল-সম্পাদক নয়া ঠাহর)

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.