অসম আর অসমিয়াদের হাতে থাকবে না,মুসলিম রাজ্য হবে?
*বিষয় - খিলঞ্জীয়া*
==============
_ দীপ রঞ্জন সূত্রধর :অসম আৰু অসমীয়াক থৈলাত (মৰাপাটৰ বস্তা) ভৰাই পাকিস্তানৰ সতে চামিল কৰিবলৈ ওলোৱা *চৈয়দ চাদ্উল্লা* কোন আছিল জানেনে ?_
*চৈয়দ চাদ্উল্লা* আছিল “আজান পীৰ”ৰ কনিষ্ঠ পুত্ৰ চাহ কুতুবুদ্দিনৰ চয় পুৰুষীয়া নাতি, চৈয়দ তৈয়বুল্লাৰ দ্বিতীয় পুত্ৰ !
সম্প্ৰীতিৰ ঠিকাদাৰ হতে দুজনা গুৰু শংকৰ-মাধৱৰ পৰা মাধৱক আঁতৰাই “আজান”ক বৰপিৰা পাৰি দিলে, কিন্তু সেই আজানৰ নাতিয়েক চাদ্উল্লাই অসমক পূৱ পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ কৰা নাছিল কি ?
*মুছলমান সকল বংগ আৰু অসমত যদি সংখ্যাগৰিষ্ঠ হব পাৰে তেন্তে উত্তৰ পূৱত এখন মুছলমান প্ৰদেশ গঠন কৰাত সহায় কৰিব* ১৯৪১চনৰ ৩১জানুৱাৰীত অসম প্ৰদেশ মুছলিম লীগৰ সভাত চাদ্উল্লাই দিয়া ভাষনৰ কিয়দংশ ৷
অসমত মুছলমানৰ সংখ্যাগৰিষ্ঠতা তথ্য সহকাৰে প্ৰমাণ কৰিবলৈ গৈ চাদ্উল্লাই ১৯৪১চনৰ লোকপিয়লত *পাহাৰীয়া আৰু জনজাতীয় লোক সকলক অহিন্দুৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছিল, আনকি “মালী” আৰু “ঘাটোৱাল” শ্ৰেনীটোকো অহিন্দুৰ শাৰীত ৰাখিছিল ৷*
চাদ্উল্লাই (অসমৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত) ১৯৪১চনৰ ২৮জুলাই তাৰিখে ঘোষণা কৰা “Land Development Scheme”ৰ জৰিয়তে নগাঁও জিলাত এক লাখ বিঘাতকৈও অধিক মাটি পূৰ্ব বাংগীয় মুছলমান পামুৱাক গতাইছিল, আৰু অনুৰূপ ধৰণে অইন জিলা সমূহতো এই ব্যৱস্থা কাৰ্য্যকৰী কৰিছিল ! পৰৱৰ্তী সময়ত গৱৰ্ণৰ ৰিডে ১৯৪২চনৰ ৬মাৰ্চ তাৰিখে এই আঁচনিখন বাতিল কৰাৰ পিছত ১৯৪৩চনৰ ২৫আগষ্ট তাৰিখে চাদ্উল্লাই আকৌ এক নতুন আচনি “Grow Moor Food Program” প্ৰৱৰ্তন কৰি পুনৰ সেই পূৰ্ব-বংগীয় মুছলমান পামুৱাক সংস্থাপিত কৰাৰ বাট মোকলাই লৈছিল ৷ উদ্দেশ্য আছিল নগাঁও, দৰং, কামৰূপ, লক্ষীপুৰ, শিৱসাগৰ আদি জিলাত পামুৱা সকলৰ বাবে সংৰক্ষিত চৰনীয়া পথাৰ, বনাঞ্চল সমূহ পামুৱাৰ বাবে মুকলি কৰি সেই মাটিত ঘৰ-বস্তি সাজিবলৈ অনুমতি দিয়া ৷
চাদ্উল্লাৰ “Grow Moor Food Program” আচনি খনৰ ভয়াবহতাৰ বিষয়টো উপলব্ধি কৰি সেই সময়ৰ বৃটিছ ভাইচৰয় লৰ্ড আৰ্কিবল্ড পাৰ্সিভেল ওৱাভেলে Victory Journalত লিখিছিল “Muslim peasants were bought to Assam ostansibly to grow more food, but it was really to grow more Muslim …”
ময়ো সেই একেই কথাকেই কও, চৈয়দ চাদ্উল্লাৰ দিনৰ পৰাই অসমত এই “Grow more Muslim” আঁচনি অব্যাহত আছে ৷ ব্যাপক জনবিস্ফোৰণ আৰু অনুপ্ৰৱেশৰে ইতিমধ্যেই নামনিৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও গিলি শেষ কৰিলে ! কামৰূপ, দৰং, নগাঁও, মৰিগাঁও, কলিয়াবৰ, হোজাই শেষ ৷ শোনিতপুৰ, বিশ্বনাথ, লক্ষিমপুৰ শেষ হবলৈ আৰু কিমান বাকী ? যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনচুকিয়া, চৰাইদেউ তালৈ সদায় প্ৰব্ৰজন ঘটিয়েই আছে ৷ বিটিএডি’ৰো কোকোৰাঝাৰ চিৰাং জিলা যাও যাও, উত্তৰ কাছাৰটো অনুপ্ৰৱেশ কাৰীৰ সংখ্যা বাঢ়িছে ব্যাপক ধৰণে, ডিমা হাচাওৰ কথা নকলোৱেই যেনিবা ৷
মিছা কথা, এই ৰাম-ৰহিম, শংকৰ-আজান জাতীয় সম্প্ৰীতিৰ বাণী মিছা কথা ৷ এশ শতাংশ সঁচা কথা মাত্ৰ এটাই অসম এদিন ইছলামিক ৰাষ্ট্ৰ(ৰাজ্য)হব, আৰু খাৰ খোৱা অসমীয়াই “জয় আই অসম” বুলি কোৱাৰ শেষ অধিকাৰকনো হেৰুৱাই পেলাব …
*দীপৰঞ্জন সূত্ৰধাৰ*
*০৬/০২/২০২০* (লেখকের নিজস্ব মত, নয়া ঠাহর গোষ্ঠী লেখার দায়িত্ব নেবে না , অসমীয়া ভাষার হলেও খুব প্রাসঙ্গিক বলে এক গ্রূপ থেকে নেওয়া হয়েছে।)
কোন মন্তব্য নেই