বিজনিতে সাধারণ ধর্মঘট
*সমগ্ৰ দেশ আৰু ৰাজ্যখনৰ লগতে পশ্চিম অসমত ট্ৰেড ইউনিয়ন সমন্বয়ৰক্ষীৰ সাধাৰণ ধৰ্মঘটৰ মাজতে চিৰাং ৰ বিজনীত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা : হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক উচ্চ প্ৰশংসা কৰি কংগ্ৰেছ(ই) আৰু বিৰোধী দলক চোকা সমালোচনাৰে শান্তি সম্প্ৰীতিৰ,উন্নয়ন আৰু বিকশিত বিটিআৰ নিৰ্মাণৰ ঘোষণাৰে বিটিআৰ নিৰ্বাচনত বিজনীৰ পৰাই মুখ্যমন্ত্ৰীয়ে বজালে ৰণডংকা !*
এতিয়াৰ শান্তি সম্প্ৰীতিৰ বিটিআৰ ত আগন্তক দুৰ্গা পূজাৰ আগত অনুষ্ঠিত হব বিটিআৰ ৰ নিৰ্বাচন । আৰু এখন নতুন চৰকাৰ গঠন হব। সেইমতে দুৰ্গা পূজাৰ পিছত অহা মাৰ্চ আৰু এপ্ৰিল মাহত দিশপুৰ ৰ অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হব।আজি ইয়াত থকা আমাৰ কাৰ্য্যকর্তাসকলে বিটিআৰ নিৰ্বাচনৰ লগতে দুৰ্গা পূজাৰ পিছৰ পৰা একেবাৰে দিছপুৰ ৰ নিৰ্বাচনৰ যুদ্ধৰ বাবে সাজু হোৱাৰ আহ্বান জনায়,বিটিআৰ নিৰ্বাচনত
বিপিএফ আৰু ইউপিপিএল দল দুটাৰ লগত কোনো ধৰণৰ "এগেইন্সট" মানে বিৰোধিতা নকৰে। বিজেপি দলে বিটিআৰ ত শান্তি -সম্প্ৰীতি, উন্নয়ন আৰু প্ৰগতিশীল বিটিআৰ বিচাৰে আজি এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰীয়ে ।
আজি চিপিআই(এম )ৰ অন্যতম শাখা ট্ৰেড ইউনিয়ন সমন্বয়ৰক্ষীৰ আহ্বানত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ পশ্চিম অসমত সৰ্বাত্মক ধৰ্মঘট পালনৰ মাজত বিটিআৰ ৰ চিৰাং জিলাৰ বিজনী ত অনুষ্ঠিত হোৱা বিজেপি দলৰ কাৰ্য্যকর্তা সভাৰ এক মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে উপস্থিত ৰাইজক উদ্দেশ্যে আৰু কয় বিজেপি দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ২০২০ চনত বিটিআৰ চুক্তিৰ পিছত বিটিআৰ ত এতিয়া শান্তি সম্প্ৰীতি আহিছে । ইয়াত দেশী বিদেশীও পৰিভ্ৰমণ কৰিব পাৰিছে। আৰু সেইমতে এইবাৰ বিটিআৰ ৰ নিৰ্বাচনত অঞ্চলটোৰ বিজেপি দলৰ দাবীমতে বিজেপি দলে মিত্ৰতা এৰি অকলে নিৰ্বাচন খেলিব আগবাঢ়িছে । আজি বিটিআৰবাসীয়ে উন্নয়ন বিচাৰিছে। সেয়েহে আমি নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠনৰ পিছত এক নতুন সুৰক্ষিত,উন্নয়ন আৰু এক বিকশিত বিটিআৰ নিৰ্মাণৰ বাবে আগবাঢ়িছে বুলি কয়।তেওঁ কয় চিৰাং জিলাত এতিয়াও ৩০ হেজাৰ অৰুনোদয় আঁচনিভুক্ত আছে।আমি আজিৰ পৰাই পুনৰ ৬০ হেজাৰ অৰুনোদয় আঁচনি প্ৰদানৰ ঘোষণা কৰে।আৰু পোনপটীয়া কৈ তেওঁ নিজেই জড়িত থাকি প্ৰদান কৰা হব বুলি ঘোষণা কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে বিপিএফ ৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএল ৰ প্ৰধান প্ৰমোদ বড়োক উচ্চ প্ৰশংসা কৰি কংগ্ৰেছ(ই)আৰু বিৰোধী দলৰ প্ৰতি চোকা সমালোচনা কৰে।আজিৰ এই সভাত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াও ভাষণ দিয়ে।সভাত বিজনী বিধায়ক অজয় কুমাৰ ৰায়, ই এম অৰূপ দে আৰু জিলা সভাপতি ৰতন চন্দ্ৰ ৰায় আদি অংশগ্ৰহণ কৰে বুলি বাতৰিটোত প্ৰকাশ।
*বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।*
কোন মন্তব্য নেই