উত্তর পূর্বের ভূমিপুত্র দের জীবন জীবিকার নিরাপত্তার সন্ধানে
অসমৰ প্ৰতিৰক্ষা কৰিডৰ: উত্তৰ-পূব ভাৰতত অৰ্থনৈতিক প্ৰগতি, নিৰাপত্তা, আৰু খিলঞ্জীয়া সৱলীকৰণৰ বাবে এক কৌশল”
লেখকঃ পল্লব ভট্টাচাৰ্য্য
২০২৫ চনৰ ২৭ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত হোৱা আলোচনাৰ পিছত ভাৰতৰ তৃতীয় প্ৰতিৰক্ষা ঔদ্যোগিক কৰিড’ৰ স্থাপনৰ বাবে অসমৰ পদক্ষেপে এক উল্লেখযোগ্য কৌশলগত আৰু অৰ্থনৈতিক উন্নয়নৰ সূচনা কৰিছে। গুৱাহাটীৰ পৰা নগাঁওলৈকে বিস্তৃত এই প্ৰস্তাৱিত কৰিডৰৰ লক্ষ্য হৈছে চীন, বাংলাদেশ, ম্যানমাৰৰ সীমান্তৰ সমীপৰ অসমৰ কৌশলগত অৱস্থানৰ লগতে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে ইয়াৰ ভূমিকাক শক্তিশালী কৰা।এই কৰিডৰৰ আধাৰতেই আছে ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা অসম মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন নীতি ২০২৫, য’ত ষ্টাৰ্টআপৰ বাবে ২৫ লাখ টকা পৰ্যন্ত বীজ অনুদান, ৫০% ভূমিক্ৰয়ত ৰেহাই, যন্ত্ৰপাতিৰ ওপৰত ৩০% মূলধনী ৰাজসাহায্য আৰু পাঁচবছৰৰ বাবে বাৰ্ষিক ৰাজহৰ ৫% উৎপাদন-সংলগ্ন ৰাজসাহায্যৰ দৰে সুযোগ প্ৰদান কৰা হৈছে।প্ৰতিৰক্ষা ক্ৰয়ত বৰ্তমানৰ ৫৮% আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে “আত্মনিৰ্ভৰ ভাৰত” লক্ষ্যৰ সৈতে সংগতি ৰাখি এই কৰিডৰটোৱে বিমান নিৰ্মাণ, প্ৰতিৰক্ষা সঁজুলি উৎপাদন, এভিয়নিকছ, এমআৰঅ’ (ৰক্ষণাবেক্ষণ,মেৰামতিআৰু কাৰ্য্যকৰীকৰণ) সেৱা, আৰু অনুসন্ধান আৰু বিকাশক লক্ষ্য কৰি লৈছে।
অসমত প্ৰতিষ্ঠা হব লগা এই প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ পূৰ্বে কাৰ্যকৰী হোৱা দুটা কৰিডৰক আৰ্হি হিচাপে লোৱা হৈছে। প্ৰথমতো হʼল উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ (ইউপিডিআইচি)। ই ছটা ন'ডক (কেন্দ্ৰবিন্দু) সামৰি লৈছে- লক্ষ্ণৌ, কানপুৰ, ঝান্সী, আগ্ৰা, আলিগড়, আৰু চিত্ৰকূট। প্ৰায় ৩০ হাজাৰ কোটি টকাৰ ১৭০ টা বুজাবুজি চুক্তি সম্পন্ন কৰি এই কৰিডৰে প্ৰায় ৫০ হাজাৰ চাকৰিৰ সৃষ্টি কৰিছে। পৰৱৰ্তী প্ৰতিৰক্ষা কৰিডৰ হʼল তামিলনাডু প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ যিটো ২০১৯ চনৰ ২০ জানুৱাৰীত উদ্বোধন কৰা হৈছিল আৰু ইয়াত চেন্নাই, তিৰুচিৰাপল্লী, কইম্বাটুৰ, চালেম, আৰু হোছুৰৰ ন'ডসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা কৰিড’ৰে আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰি, স্থানীয় উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপনৰ সৃষ্টি কৰি অসমৰ প্ৰস্তাৱিত কৰিডʼৰৰ বাবে এক নজিৰ সৃষ্টি কৰিছে।
অসম প্ৰতিৰক্ষা কৰিড’ৰে কৃষি আৰু পৰম্পৰাগত উদ্যোগৰ বাহিৰেও আঞ্চলিক অৰ্থনীতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং, ছিংগাপুৰৰ সহায়ত গুৱাহাটীৰ সমীপত এখন উপগ্ৰহ চহৰ সৃষ্টি, ৰে’ল সংযোগৰ উন্নতি সাধনকে ধৰি পৰিকল্পিত এক লাখ কোটি টকাৰ আন্তঃগাঁথনি বিনিয়োগে ঔদ্যোগিক শক্তি বৃদ্ধিত সহায় কৰিব। এই কৰিড’ৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষণ কৰি অসমক বিশ্বৰ প্ৰতিৰক্ষা যোগান শৃংখলৰ সৈতে একত্ৰিত কৰি বৈদেশিক মুদ্ৰাৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে। কেঁচামাল যোগানকাৰী আৰু লজিষ্টিক প্ৰদানকাৰীৰ দৰে উদ্যোগসমূহক সহায় কৰিলে এক অনুকুল পৰিবেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বিদ্যমান যʼত ইউপি কৰিডৰে সৃষ্টি কৰা ৫০,০০০ চাকৰিৰ দৰেই নিয়োগৰ সৃষ্টি হʼব। অনুসন্ধান আৰু বিকাশ আৰু প্ৰযুক্তি ষ্টাৰ্টআপৰ ওপৰত গুৰুত্ব দিলে অসামৰিক প্ৰয়োগৰ উদ্ভাৱনৰ উৎকৰ্ষ সাধন নিশ্চিত।
কৌশলগতভাৱে এই কৰিড’ৰে ভাৰতৰ পূব সীমান্তৰ প্ৰতিৰক্ষাক শক্তিশালী কৰিব, অঞ্চলটোৰ ভূখণ্ড আৰু শত্ৰুতাপূৰ্ণ সীমান্তৰ ওচৰত থকাৰ বাবে সশস্ত্ৰ বাহিনীয়ে সন্মুখীন হোৱা লজিষ্টিক প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব। স্থানীয় এমআৰঅ’ৰ সুবিধাসমূহে সূৰক্ষ্যামূলক কাৰ্য্যকৰীকৰণ টনকীয়াল কৰিব। আনহাতে কৰিডৰৰ উৎপাদনৰ বুনিয়াদে চীন আৰু ম্যানমাৰৰ পৰা অহা ভাবুকি ৰোধ কৰিবলৈ সক্ষম হʼব। এটা জটিল চিন্তা হৈছে চিলিগুৰি কৰিডৰৰ দুৰ্বলতা। ২০২৫ চনৰ মাৰ্চ মাহত মহম্মদ ইউনুছৰ চীন ভ্ৰমণ আৰু চীনৰ ২.১ বিলিয়ন ডলাৰৰ বাংলাদেশত বিনিয়োগে শেহতীয়াকৈ উত্তৰ-পূব ভাৰতক পৃথক কৰাৰ আশংকাৰ সৃষ্টি কৰিছে। অসম কৰিড’ৰে স্বাৱলম্বী প্ৰতিৰক্ষা সামৰ্থ্য আৰু বিকল্প লজিষ্টিক নেটৱৰ্ক সুনিশ্চিত কৰি ইয়াক প্ৰতিহত কৰাৰ কৰাৰ সম্ভাবনা আছে।
এই কৰিড’ৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে উল্লেখযোগ্য নিয়োগ আৰু উদ্যোগীকৰণৰ সুযোগ প্ৰদান কৰিব পাৰে। অসম মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন নীতি ২০২৫এ এমএছএমই আৰু দক্ষতা বিকাশ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে স্থানীয় যুৱক-যুৱতীসকলক মহাকাশ, ৰবটিক্স, আৰু চাইবাৰ প্ৰতিৰক্ষাৰ প্ৰশিক্ষণ লবলৈ উৎসাহিত কৰিব। সংৰক্ষণ নীতি আৰু লক্ষ্যভিত্তিক প্ৰশিক্ষণে যুৱক-যুৱতীসকলৰ এই প্ৰচেষ্টাত অন্তৰ্ভুক্তি নিশ্চিত কৰিব। আনহাতে উদ্যোগীকৰণৰ সমৰ্থনে যোগান শৃংখলত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিব। অৱশ্যে সম্প্ৰদায়ৰ সম্প্ৰীতি বজাই ৰাখিবলৈ সাংস্কৃতিক সংবেদনশীলতাসম্পন্ন পৰিকল্পনা, পৰম্পৰাগত জ্ঞানৰ অন্তৰ্ভুক্তিকৰণ আৰু ভূমিৰ অধিকাৰ সুৰক্ষিতকৰণ অপৰিহাৰ্য হ’ব।
এই উদ্যোগৰ সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক অধিসূচনা জাৰিকৰণ, নীতিৰ অনুমোদন আৰু এটা নিৰ্দিষ্ট প্ৰকল্প পৰিচালনা কাৰ্যালয় তাৎক্ষণিক অগ্ৰাধিকাৰ ভিত্তিত নিশ্চিত কৰাতো সময়ৰ আহ্বান। ইয়াৰ বাহিৰেও যথেষ্ট আৰ্থিক সহাৰ্য্য প্ৰদান, প্ৰযুক্তি হস্তান্তৰৰ বাবে নিয়ন্ত্ৰণ কাঠামোৰ স্থাপন আৰু মন্ত্ৰালয়সমূহৰ (ৰক্ষা, বাণিজ্য, বৈদেশিক পৰিক্ৰমা)মাজত সমন্বয় অতি গুৰুত্বপূৰ্ণ। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ দৰে উদ্ভাৱনীমূলক বিত্তীয় সাহায্যৰ সন্ধান কৰাও উচিত।
ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ কাম সুশৃংখলিত কৰা, আন্তঃগাঁথনি প্ৰকল্পক অগ্ৰাধিকাৰ দিয়া, দক্ষতা বিকাশৰ বাবে কাৰিকৰী প্ৰতিষ্ঠান স্থাপন কৰাটো মূল কথা। অনুমতি প্ৰদানৰ ক্ষেত্ৰত কাৰ্য্যকৰী ʼএকক খিৰিকীৰʼ দ্বাৰা অনুমোদনৰ ব্যৱস্থা প্ৰৱৰ্তনে সম্প্ৰদায়ৰ পৰামৰ্শ ৰূপায়ণৰ দক্ষতা আৰু অন্তৰ্ভুক্তি বৃদ্ধি কৰিব। মঙলদৈত থকা অসম দক্ষতা বিশ্ববিদ্যালয়ৰ দ্ৰুতগতিত কাৰ্যকৰীকৰণ আৰু অসম দক্ষতা বিকাশ অভিযানক পৰ্যাপ্তভাৱে শক্তিশালী কৰাটো অতি প্ৰয়োজন।
অসম কৰিডʼৰে বহিঃ যোগানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি আৰু স্থানীয় প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি কৰি শিলিগুৰি কৰিডৰক বাংলাদেশ আৰু চীনে আক্ৰমন কৰাৰ সম্ভাৱনীয়তাক প্ৰতিহত কৰিব পাৰে। এইক্ষেত্ৰত উপযুক্ত কৌশলগত বিকল্প লজিষ্টিক যেনে যোগান পথ সুৰক্ষিত কৰিবলৈ ভূগৰ্ভস্থ সুৰংগ আৰু ʼমাল্টি-মডালʼ পৰিবহণ ব্যৱস্থাৰ প্ৰৱৰ্তন, আগ্ৰাসনক বাধা দিবলৈ ক্ষেপণাস্ত্ৰ আৰু উন্নত অস্ত্ৰ উৎপাদন, ৰাষ্ট্ৰীয় নিৰাপত্তা নেটৱৰ্কৰ সৈতে উন্নত আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ সংহতি আদি পদক্ষেপ অতি জৰুৰী। ইয়াৰ বাহিৰেও ভূগৰ্ভস্থ উৎপাদন আৰু মজুতকৰণৰ সুবিধা নিৰ্মাণে এক স্থিতিস্থাপক আন্তঃগাঁথনি নিৰ্মাণ নিশ্চিত কৰিব। এই পদক্ষেপসমূহে অসমক দক্ষিণ-পূব এছিয়াৰ গেটৱেৰ মৰ্যাদা দিয়াতো নিশ্চিত ।
প্ৰনিধানযোগ্য যে ইতিমধ্যে প্ৰতিৰক্ষা কৰিডৰ পৰিৱেশ তন্ত্ৰত সম্ভাৱ্য অৱেদানকাৰী হিচাপে কেইবাটাও অসমীয়া উদ্যোগে আত্মপ্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে ʼস্পেচফেৰিং টেকন’লজিছ প্ৰাইভেট লিমিটেড, বেংগালুৰুʼ (ডাঃ সৰগ জে শইকীয়া প্ৰতিষ্ঠাপক আৰু মুখ্য প্ৰযুক্তিবিদ), ʼক’পটাৰছ প্ৰাইভেট লিমিটেড, কামৰূপʼ (প্ৰতিষ্ঠাপক/পৰিচালক:মানস প্ৰতিম কাকতি, প্ৰীতম বসুমতাৰী, শেখৰ সুমন কলিতা), ʼমৰুত ড্ৰ’নেটেক প্ৰাইভেট লিমিটেড, টেলিংগনাʼ (প্ৰতিষ্ঠাপক প্ৰেম কুমাৰ বিশ্বাথ আৰু সহ-প্ৰতিষ্ঠাপক ছাই কুমাৰ, সুৰজ পেডী আই আই টি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ হোৱাৰ বাবে তেওঁলোকৰ অসমীয়া আৰু আইআইটিৰ প্ৰীতি বিদ্যমান), ʼছ’চাইটি অৱ ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰ্ছʼ(অধ্যক্ষ ৰাজিন্দৰ সিং ভাটিয়াই অসমৰ প্ৰতিৰক্ষা ষ্টাৰ্টআপক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে আৰু ৰাজ্যত এছআইডিএমৰ অসম অধ্যায় মুকলি কৰাৰ কথা চিন্তা কৰিছে, যাৰ ফলত স্থানীয় ইচ্ছাকৃত যুৱকৰ এই উদ্যোগত প্ৰৱেশৰ অনুকুল বাতাবৰণ সৃষ্টি হʼব) আৰু ʼআভগাৰ্ড চিষ্টেমʼ (ডিআৰডিঅ’ৰ শেহতীয়া “ডেয়াৰ টু ড্ৰিম চেলেঞ্জ” প্ৰতিযোগিতাত জয়ী হোৱা নীলুৎপল চৌধুৰীৰ চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক আৰু এমডি মানস ভূঞা)ৰ কথা কʼব পাৰি। অসম চৰকাৰৰ আন্তৰিক সহযোগত ডিফেন্স কৰিডৰৰ এই প্ৰকল্পটো হয়তো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গেম চেঞ্জাৰ ৰূপে আত্মপ্ৰকাশ হʼব পাৰে।
--------
কোন মন্তব্য নেই