কিঞ্চিৎ এর ১৬৪ তম রবীন্দ্র জয়ন্তী উৎসব উদযাপন ,অসমের হাউলিতে
-------------------
# *১৬৪ তম্ ৰবীন্দ্ৰ জন্মজয়ন্তী উদযাপন*
# *কিঞ্চিৎ* ( আন্তঃৰাষ্ট্ৰীয় সাহিত্য -সামাজিক -সাংস্কৃতিক গোষ্ঠী)
# *কিঞ্চিৎ হাউলী শাখা*
৯ মে,২৯২৫ ইং নন্দন কলা একাডেমি, হাউলীৰ উদ্যোগত *কিঞ্চিৎ গোষ্ঠীৰ হাউলী শাখা* ৰ সহযোগত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬৪ তম্ জন্মজয়ন্তী দিনজোৰা কাৰ্যসূচীৰে আড়ম্বপূৰ্ণ ভাবে জাকজমকতাৰে হাউলী সাহিত্য সভাৰ পেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।
ৰাতিপুৱা সমবেত সংগীত আৰু জাতীয় সংগীত পৰিৱেশনৰ যোগেদি মাংগলিক অনুষ্ঠান আৰম্ভণিৰে *কিঞ্চিৎ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সেৱক* ডা: মানিক লাল ভৌমিক ডাঙৰীয়া কবিগুৰুৰ প্ৰতিকৃতিত মাল্য অৰ্পন কৰে আৰু হাউলী সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক *শ্ৰীযুত নৃপেন পুজাৰীদেৱে* বন্তি প্ৰজ্বলন আৰু *ডা: হৰেকৃষ্ণ সাহা* পুষ্পার্ঘ্য নিবেদন কৰে।
বিশিষ্ট সাহিত্যিক *হজৰত আলী আহমেদ* আৰু অৱসৰপ্ৰাপ্ত শিক্ষক *তাৰাপদ সাহা* ৰ কবিগুৰুৰ কৰ্মৰাজীৰ ওপৰত বলিষ্ঠ ভাষণ আছিল খুবেই আকৰ্ষণীয়।
প্ৰায় তিন শতাধিক সাহিত্য সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতিত ৰবীন্দ্ৰ নৃত্য,ৰবীন্দ্ৰ সঙ্গীত, চিত্ৰাংকন,আবৃত্তি, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈ অন্ত পৰে। অনুষ্ঠানৰ শেষত অংশগ্ৰহণ কৰা শতাধিক ছাত্ৰ ছাত্ৰী,শিল্পী,কন কন শিশু সকলৰ মাজত কিঞ্চিৎ শাখাৰ তৰফৰ পৰা সকলোকে প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়।
জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সন্মানীয় ব্যক্তিবিশেষৰ দ্বাৰা ( হাউলী কিঞ্চিৎ শাখাৰ সভানেত্ৰী ভানুমতী কাকতি, সাধাৰণ সম্পাদক সুনীল সাহা, সমাজসেৱা চম্পক নাথ , বিশিষ্ট লেখিকা তৰো ডেকা, কিঞ্চিতৰ সেৱক নিৰ্মল কুমাৰ দাস, কিঞ্চিৎ সেৱিকা মনিকা ভৌমিক ,সাংবাদিক বন্ধুসকল,আদিয়ে) মানপত্ৰ, প্ৰশংসা পত্ৰ প্ৰদান কৰাত সহায় কৰে। অনুষ্ঠানৰ পৰিচালক সুনীল সাহা আৰু নন্দন কলা অকাডেমীৰ অনন্যা চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায়।
*কিঞ্চিৎ কাৰ্যালয়*,
বৰপেটা ৰোড
দিনাংকো ৯ মে,২০২৫ ইং
কোন মন্তব্য নেই