Header Ads

তেলেঙ্গানায় দুই মহিলা সাংবাদিক কে গ্রেফতার অসমের সাংবাদিক সংস্থা জাফর তীব্র নিন্দা

তেলেংগানাত দুগৰাকী মহিলা সাংবাদিকক গ্ৰেপ্তাৰ : তেলেংগানা চৰকাৰক গৰিহণা জাফাৰ

 নয়া ঠাহর, সংবাদদাতা :গুৱাহাটী ১৩ মাৰ্চ ২৫ : তেলেংগানাত চলি থকা কংগ্ৰেছ চৰকাৰৰ শাসন কালত এগৰাকী কৃষকৰ দুৰ্দশাৰ বাতৰি সবিস্তাৰে ইউ টিউব চেনেল আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাৰ বাবে বুধবাৰে ৰাজ্যখনৰ দুগৰাকীকৈ জেষ্ঠ মহিলা সাংবাদিক ৰেৱতী আৰু তনভী যাদৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক  জাৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফাৰ পৰা তীব্ৰ গৰিহণা দিয়ে ৷ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায় স্বাক্ষৰিত বিবৃতিত তেলেংগানা চৰকাৰে চলোৱা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সাংবাদিকক বিনা কাৰনে এনে ধৰনৰ হাৰাশাস্তি কৰাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে অতিশীঘ্ৰে মহিলা সাংবাদিক দুগৰাকীক বিনাচৰ্তে মোকোলাই দিয়াৰ দাবী জনায় ৷



হীৰকজ্যোতি মেধী
প্ৰচাৰ সম্পাদক
জাফা৷

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.