Header Ads

মনমোহন সিংহের প্রতি দেবব্রত সাইকি যার শ্রদ্ধা

যুগনায়ক, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিশ্ব বৰেণ্য জননেতা শ্ৰদ্ধাৰ ড° মনমোহন সিঙ ডাঙৰীয়াৰ বিয়োগত...

মোৰ মাতৃৰ নামত থকা গুৱাহাটীৰ বাসগৃহত ১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ দেৱে ভাড়াতীয়া হিচাপে অন্তৰ্ভুক্ত হোৱাৰ পিছৰে পৰা ঘনিষ্ঠতা যথেষ্ট বৃদ্ধি পাইছিল আৰু তেখেতৰ মৃত্যুৰ আগ মূহুৰ্তলৈ এই সম্বন্ধ অটুত আছিল। ১৯৯১চনত আমাৰ ভাড়াতীয়া হিচাপে তেখেতৰ নাম অন্তৰ্ভুক্ত কৰাৰ পিছত ২০১৯ চনলৈকে অসমৰ পৰা ৰাজ্য সভাৰ সাংসদ হৈ থকা সময়খিনি অতি মাধুৰ্য আছিল, যিটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। 
কিছুদিন পূৰ্বে তেখেতৰ স্বাস্থ্যৰ খবৰ লবলৈ মই দিল্লীত তেখেতৰ বাসগৃহত সাক্ষাৎ কৰিছিলোঁ আৰু তেতিয়া তেখেতৰ পত্নীয়ে নিজে চাহ বনাই আনিছিল আৰু ড° ছাৰ আৰু মই একেলগে চাহৰ সোৱাদ লোৱাৰ উপৰিও অসমৰ সৈতে থকা তেখেতসকলৰ সম্পৰ্কৰ লগতে আমাৰ সৈতে থকা মধুৰ সম্পৰ্ক ৰোমন্থন কৰিছিলোঁ। 

১৯৯৬ চনত মোৰ পিতৃৰ বিয়োগ ঘটে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ দলৰ বহুতে তেখেতক দিছপুৰৰ পৰিৱৰ্তে অন্য স্থানৰ পৰা ভোটাৰ তালিকাত তেখেতৰ নাম অন্তৰ্ভুক্তি কৰি প্ৰতিনিধিত্ব কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু মোৰ পিতৃৰ প্ৰতি থকা তেখেতৰ ভালপোৱা আৰু কৃতজ্ঞতাৰ বাবে তেখেতে সেই আহ্বান প্ৰত্যাখ্যান কৰি ২০১৯ চনলৈকে আমাৰ দিছপুৰৰ মটৰীয়াৰ বাসগৃহতে অসমৰ ঠিকনা হিচাপে চিহ্নিত কৰি ৰাখিছিল। 
মোক এটা সংগঠনে প্ৰাণে মৰা ভাবুকি দিয়াৰ সময়ত যেতিয়া অসম আৰক্ষীয়ে মোক নিৰাপত্তা দিবলৈ হেমাহি কৰিছিল তেতিয়া মই তেখেতক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু দিল্লীৰ পৰা তেখেতে গৃহ মন্ত্ৰালয়লৈ নিৰ্দেশ জাৰি কৰিছিল যাতে মোৰ নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰে। 

২০১১ চনৰ নিৰ্বাচনৰ বেলিকা মোৰ মাতৃয়ে নিৰ্বাচন নেখেলি মোৰ সমৰ্থনত অৰ্থাৎ মোক টিকত দিব লাগে বুলি কোৱাৰ পিছতো মই প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিলোঁ। কিন্তু ড° মনমোহন সিং ডাঙৰীয়াই মোক টিকত দিব লাগে বুলি কংগ্ৰেছ নেতৃত্বক পৰামৰ্শ আগবঢ়াইছিল বুলি মই খবৰ পাইছিলো। পৰৱৰ্তী ২০১৬ চনত বিৰোধী দলৰ দলপতিৰ আসনখনৰ দায়িত্ব দলে মোক আগবঢ়োৱা বুলি ড° ছাৰক সাক্ষাৎ কৰি অৱগত কৰিছিলোঁ আৰু তেতিয়া তেখেতে কৈছিল - "তুমি গৱেষণা কৰিবা আৰু গৱেষণাৰ ভিত্তিত কাম-কাজ কৰি লৈ তথ্যৰ ভিত্তিতহে যিকোনো বক্তব্য ৰাখিবা।"

বিভিন্ন সময়ত যেতিয়া তেখেতক মোৰ মা আৰু মই সৌজন্যমূলক সাক্ষাৎ কৰিছিলোঁ, তেখেতে সদায় অসমৰ প্ৰতি থকা তেখেতৰ যথেষ্ট ভালপোৱা ব্যক্ত কৰিছিল, লগতে অসমৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰিছিল। বিভিন্ন সময়ত বিদ্যুৎ আৰু পানী যোগানৰ অসুবিধা হ'লে তেখেতে এই কামসমূহৰ পূঁজিৰ ব্যৱস্থা কৰা হ'ব বুলি আমাক আশ্বাস দিছিল। 

হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ পৰা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তেখেতৰ নেতৃত্বত আগবঢ়োৱা বিভিন্ন আঁচনি অনুদান সমূহ সংগ্ৰহ কৰি নতুন দিল্লীত কিছু বছৰ পূৰ্বে এখন কিতাপ তেখেতৰ হাতেৰে উন্মোচন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। যিহেতু অসমত নিৰ্বাচনৰ বতৰ আহিলেই তেখেতে অসমত একো কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰিছিল।

ড০ মনমোহন সিংৰ বৰ্ণাঢ্য শৈক্ষিক যাত্ৰা আৰু ভাৰতলৈ তেখেতে আগবঢ়াই যোৱা পৰিৱৰ্তনশীল অৱদানে তেখেতক অতুলনীয় হিচাপে চিহ্নিত কৰি ৰাখিব। 

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি তেখেতৰ উল্লেখযোগ্য আৰু প্ৰভাৱশালী কেৰিয়াৰৰ বৌদ্ধিক ভেটি স্থাপন কৰিছিল। ১৯৯১ চনত ভাৰতৰ অৰ্থনীতিত বজাৰ উদাৰীকৰণ কৰি মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ দেশ হিচাপে ভাৰতক ৰূপান্তৰ কৰিছিল। যাৰ ফলত ভাৰতীয় অৰ্থনীতিয়ে এক গতি লাভ কৰিছিল। 

শৈক্ষিক উজ্জ্বলতা, অৰ্থনৈতিক দূৰদৰ্শিতা, আৰু ভাৰতৰ প্ৰগতিৰ প্ৰতি তেখেতৰ অটল নিষ্ঠা প্ৰতিজন ভাৰতীয়ই যুগ যুগন্তৰলৈ মনত ৰাখিব তথা ড° সিং ডাঙৰীয়াৰ মৰ্যাদাপূৰ্ণ আচৰণ, জনসেৱাৰ প্ৰতি দায়বদ্ধতা, অপৰিসীম জ্ঞান আৰু নম্ৰতাৰ বাবেও ইতিহাসত তেখেতৰ নাম চিৰস্মৰণীয় হৈ ৰ'ব।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.