অসমের বাজালিতে জিলা প্রাকৃতিক কবি সেনমিলিন
# *গ্ৰন্থ উন্মোচন*
# *বজালী জিলা প্ৰাকৃতিক কবি সন্মিলন*
# দ্বিতীয় বাৰ্ষিক অধিবেশন, বামাখাটা, পাঠশালা
@ দিনাংকো: ৮ জুলাই,২০২৪ ইং
--------------------+-------------
গ্ৰন্থমেলা বা গ্ৰন্থ উন্মোচনৰ পৰিবেশই সুকীয়া । উক্ত অনুষ্ঠানৰ অধিবেশনৰ দিনাখন তিনিটা গ্ৰন্থ উন্মোচন কৰা অসমীয়া সাহিত্য জগতৰ ক্ষেত্ৰত এটি বিশেষ ইতিবাচক দিশ। নি:সন্দেহে ই বৰ্তমান পংকিল সমাজৰ বাবে শুভ বাৰ্তা,এক আনন্দৰ কথা ---আমি নুই কৰিব নোৱাৰি।
বিশিষ্ট অতিথি হিচাপে আজিৰ অধিৱেশনত উপস্থিত হৈ অনুষ্ঠানটিৰই সম্পাদক অজয় মালাকাৰৰ ৰচিত অসমীয়া কাব্যগ্ৰন্থ *জোনবাইৰ দেশলৈ* উন্মোচন কৰাৰ সুযোগ পাই নিজকে ধন্য মানিছো।
উক্ত মঞ্চতেই দাসোৰাম বড়োৰ কাব্যগ্ৰন্থ *দিনৰ সন্ধানত* উন্মোচন কৰে বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি *মাননীয় গিৰিধৰ চৌধুৰীদেৱে* আৰু হৰগোবিন্দ শৰ্মাৰ শিশু কবিতা পুথি *শেৱালিৰ সুবাস* উন্মোচন কৰে বৰপেটাৰ উদীয়মান কবি মোৰ বন্ধুবৰ গুনজিত শইকীয়াদেৱে।
(ডা: মানিক লাল ভৌমিক)
প্ৰতিষ্ঠাপক মুখ্য সম্পাদক
*কিঞ্চিৎ গোষ্ঠী*।
কোন মন্তব্য নেই