জ্যোতি প্রসাদ আগরওয়ালা জীবনী গ্রন্থ প্রকাশ করবে কিঞ্চিৎ সাহিত্য গোষ্ঠী
শ্ৰদ্ধাৰ সাহিত্য সাথী/
কিঞ্চিৎ গোষ্ঠীৰ শুভাকাংখী,
আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে, যোৱা ২৭ অক্টোবৰ( দেওবাৰ) ' কিঞ্চিৎ গোষ্ঠীৰ "*কৰ্ণধাৰ সমিতি*" ৰ আলোচনা মৰ্মে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
*প্ৰস্তাব নং ৩* : সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে যিসকল সাহিত্য, সংস্কৃতি,সমাজসেবা আদি ক্ষেত্ৰত অৱদান থকা ব্যক্তিক কিঞ্চিৎ গোষ্ঠীৰ তৰফৰ পৰা ২০১৫ চনৰ পৰা ২০২৩ চনলৈ ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল , তেখেতসকলৰ নাম অহা ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাবলগীয়া " *KINCHIT- 2025*" গ্ৰন্থত নামৰ তালিকা সন্নিবিষ্ট কৰা হ'ব ।এই ক্ষেত্ৰত
যদি সন্মানীয় সম্বর্ধিত ব্যক্তিসকল নামৰ তালিকাৰ লগত নিজৰ ফটো সংলগ্ন কৰিবলৈ ইচ্ছুক, নিজা খৰচত দিব পাৰিব। ইয়াৰ লগতে সাহিত্য, সাংস্কৃতিক, সমাজসেৱামূলক কাম কাজত জঢ়িত ব্যক্তিবিশেষ নাইবা কিঞ্চিৎ গোষ্ঠীৰ বিভিন্ন অধিবেশনৰ সময়ত বিভিন্ন বিভাগত সদস্য আছিল ,তেখেত সকলোৱেও নিজা খৰচত ফটো দিব পৰিব যাৰ বাবে দুটা অতিৰিক্ত multicolour page ৰ অনুমোদন দিয়া হৈছে।
উল্লেখনীয় যে ,এইবাৰৰ বিশেষ সংখ্যা ' *ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা* ৰ জীৱন আলেক্ষ্য লৈ প্ৰায় ৭০০-৮০০ পৃষ্ঠাৰ বহুভাষিক গ্ৰন্থৰ কাম আৰম্ভ হৈছে। গুৰুত্বপূৰ্ণ এটি বিষয় অৱগত কৰিব বিচাৰিছোঁ -
যিহেতু ' কিঞ্চিৎ গোষ্ঠী' ২০০৭ চনৰ জন্ম লগ্নৰ পৰা জোৰকৈ চান্দা তুলা অপসংস্কৃতিৰ বিৰুদ্ধে নীৰৱ বিপ্লৱ চলাই গৈ আহিছে,সেয়ে আমি কোনো ধৰণৰ অনুদান,মাছুল,চান্দা,আৰ্থিক সহযোগিতা লোৱাৰ পৰা এতিয়ালৈ বিৰত থাকি নিষ্ঠা,সততাৰ প্ৰমাণ ৰাইজৰ আগত দাঙি ধৰিবলৈ সমৰ্থ হৈছোঁ।
অহা বছৰত হব লগা কিঞ্চিৎ গোষ্ঠীৰ " *দশম দ্বি- বাৰ্ষিকী অধিৱেশন*" গুৱাহাটীত অনুষ্ঠিত কৰিবৰ বাবে বিশাল অৰ্থৰ প্ৰয়োজন হব,( সেৱক সকলৰ নিজস্ব তহবিলৰ পৰা ব্যয় কৰা হয়) সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু বহুটো শুভাকাংখীৰ ইচ্ছা, আবেদনৰ প্ৰতি সন্মান জনাই ফটো দিয়াৰ সিধান্ত লোৱা হৈছে। কিঞ্চিৎ গ্ৰন্থত কোনো ধৰণৰ চৰকাৰী ,বেচৰকাৰী, অনুষ্ঠান নাইবা প্ৰতিষ্ঠানৰ বিজ্ঞাপন দিয়া নহয়।
ফটো দিয়াৰ বাবে ইচ্ছুক আবেদনকাৰীয়ে বিতং জনাৰ কাৰণে মুখ্য প্ৰতিষ্ঠাপক সম্পাদকৰ লগত ৩০ নৱেম্বৰ ভিতৰত প্ৰত্যক্ষ ভাবে যোগাযোগ কৰিব পাৰিব।
প্ৰতিষ্ঠাপক মুখ্য সম্পাদক
*কিঞ্চিৎ গোষ্ঠী*
( প্ৰধান সেৱক )
বৰপেটা ৰোড
Mobile: 95351-23787
Date: 31 /10 /2024.
কোন মন্তব্য নেই