Header Ads

সবুজ দীপাবলি উদযাপনের অঙ্গীকার

পাতো আহা সেউজ দীপাৱলী
........................................
আৰু কিমান শুনিব লাগিব  অত্যাচাৰৰ বাতৰি?
কিমান পাৰ কৰিব লাগিব আৰু যন্ত্ৰণাদগ্ধ বিনীদ্ৰ ৰজনী?
আতচবাজীৰ কাণ তাল মৰা শৱদত কম্পিত আজি পৃথিৱী,
ভয়,শঙ্কাত ত্ৰস্তমান 
ইতৰ তৰু,তৃণ,পশু-পক্ষী,
নিশাৰ অন্ধকাৰত জীৱ-শ্ৰেষ্ঠৰ দপদপনি।
এয়া দীপাৱলী নে তিলতিলকৈ পৃথিৱী ধ্বংসৰ আগজাননী??
উত্তৰ বিচাৰি খাইছো আজি হাবাথুৰি,
পুৱাবনে কেতিয়াবা দুখৰ ৰাতি??

আইতাৰ মুখত শুনিছিলো তাহানি ৰামায়ণৰ কাহিনী,
লঙ্কা-বিজয়ৰ উল্লাসত,
ৰাম,লক্ষ্মণ, সীতাৰ আগমনত  নাচিছিল অযোধ্যাবাসী,
পাতিছিল পোহৰৰ উৎসৱ দীপাৱলী,
আনন্দত অধীৰ হৈ ফুটাইছিল আতচবাজী,
হোৱা নাছিল কাৰোৰে  ধন-জন হানি,
তেনেদৰেই এক সুন্দৰ পৰম্পৰা উঠিছিল গঢ়ি,
তাহানিৰ সেই সাতামপুৰুষীয়া পৰম্পৰা ক'লৈ গ'ল আজি?
দীপাৱলীৰ নামত আজি এয়া দেখিছো কি??

চৌদিশে যেন সিঁচৰিত তথাকথিত প্ৰগতিবাদী,
যাৰ মন-মগজুত নাই লেশমানো সুদূৰপ্ৰসাৰী দৃষ্টি,
আছে মাথো স্বাৰ্থসিদ্ধিৰ ক্ষন্তেকীয়া আনন্দৰ তৃপ্তি,
আজিৰ দীপাৱলীত সেয়েহে দেখা পাওঁ নিৰীহৰ আলৈআথানি।

বিষাক্ত গেছ,ক'লা ধোৱা, আৱৰ্জনাৰ প্ৰকোপত 
প্ৰদূষিত আজি ভাৰতৰ আকাশ,বায়ু,পানী আৰু মাটি,
চৌদিশে দেখা পাওঁ এক শ্বাসৰুদ্ধকৰ,অস্বাস্থ্যকৰ পৰিস্থিতি,
বিপন্ন ভাৰতবাসী আজি বিপন্ন মানৱজাতি।

সময় থাকোতেই সেয়েহে নতুন সেনানী..ব'লা আগবাঢ়ি,
দুৰন্ত গতিৰে আগবাঢ়ো আমি সকলোৱে মিলি,
প্ৰদূষণমুক্ত বিশ্বৰ কৰো অঙ্গীকাৰ আমি,
ধৰণী ৰক্ষাৰ দায়িত্ব সকলোৱে লওঁ কান্ধপাতি,
একেখনেই বিশ্ব আমাৰ আমিয়েই এক মানৱজাতি,
পাতো আহা আমি সৱে মিলি সেউজ দীপাৱলী।

        নয়ন কমল শইকীয়া
        ২৪/১০/২০২২

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.