Header Ads

24 নভেম্বর অসমের পেনশনার সাংবাদিকদের জরুরি সভা

প্ৰিয় সতীৰ্থ ;
              শ্ৰদ্ধা আৰু প্ৰীতি-শুভেচ্ছা জনালোঁ। এৰি থৈ অহা বছৰবোৰত সাংবাদিক হিচাপে বিভিন্ন পৰ্যায়ত সেৱা আগবঢ়াৱা আমি আটায়ে এতিয়া 'সাংবাদিক পেন্সনাৰ' হিচাপে চিহ্নিত আৰু স্বীকৃত হৈছো। ২০১৭ চনৰ পৰা অসম চৰকাৰে এই পেন্সনৰ ব্যৱস্হা প্ৰচলন কৰিছে। শেহতীয়াকৈ ২০২৪ বৰ্ষৰ পেন্সন প্ৰদানৰ বাবেও চৰকাৰে ইতিমধ্যে সাংবাদিকৰ তালিকা ঘোষণা কৰিছে। এতিয়া মাথো বিভাগীয় আনুষ্ঠানিকতাহে বাকী। এনেকৈয়ে সাংবাদিক পেন্সনাৰৰ সংখ্যাই ছকুৰিৰ ঘৰ চুবলৈ আগবাঢ়িছে। পেন্সনভোগী এই সকল সাংবাদিকৰ বাবে এতিয়া প্ৰয়োজন এখন উমৈহতীয়া মঞ্চৰ। তেনে এক চিন্তাৰেই এটা সংগঠন গঢ়ি তোলাৰ বাবে কিছুদিন ধৰি যোৰহাটৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্তই প্ৰাথমিক পৰ্যায়ত কিছু কাম কৰিছ। আমিও তাৰ অংশীদাৰ হৈছো। সতীৰ্থ তথা মূল উদোক্তা মহন্তৰ পৰামৰ্শৰ ফচল এই পত্ৰ। সাংবাদিক সকলৰ বাবে এক সংগঠন গঢ়ি তোলাৰ উদ্দেশ্যৰে আলোচনা কৰিবলৈ অহা ২৪ নবেম্বৰ তাৰিখে পুৱা ১১ বজাত গুৱাহাটীৰ চানমাৰী ক'লনি স্হিত 'চৰকাৰী পেন্সনাৰ সন্হা'ৰ সভাগৃহত এখন সাধাৰণ সভাৰ আহ্বান জনাইছোঁ। প্ৰস্তাবিত সভাখনত উপস্হিত থাকি সংগঠন এটাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আপোনাৰ উপলব্ধি তথা মতামত জনাবহি বুলি আশা কৰি এই পত্ৰৰ যোগে আপোনাক সাদৰৰে আমন্ত্ৰণ জনালোঁ। আপোনাৰ সু-চিন্তিত মতামতে পেন্সনপ্ৰাপ্ত সাংবাদিক সকলক এটা সংগঠন গঢ়ি তুলিবলৈ সাহস আৰু উদগণি দিব ; এই আশাৰে উল্লেখ কৰা নিদিষ্ট স্হানত দিন আৰু সময় অনুসাৰে অনুষ্ঠিতব্য সভাখনত উপস্হিত থাকি ইতিবাচক চিন্তা আৰু পৰামৰ্শৰে প্ৰস্তাবিত সংগঠনটো গঢ়ি তোলাৰ আপুনিও খনিকৰ হ'বহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে____

       কেশৱ কলিতা , মুকুল কলিতা , বিমান হাজৰিকা আৰু মানস কুমাৰ মহন্ত।
      আহ্বায়ক

৫ নবেম্বৰ , ২০২৪

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.