Header Ads

অসম সরকার মিঞা ভোটের লক্ষ্যে মিঞা উন্নয়ন পরিষদ গঠন



“মিঞাৰ ভোট নলগা হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিলে মিঞাৰ উন্নয়ন পৰিষদ।“


শ্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় কয়  যে তেওঁক   "  মিঞা ভোট নেলাগে"  কিন্তু বাকী প্ৰতিশ্ৰুতিৰ দৰেই তেওঁ কয় এটা আৰু কৰে এটা। 

    এফালে নগাঁও  জিলাৰ উলেমা কাউঞ্চিলৰ সভাপতি মুফতি ৰশিদুল হক কাছিমীক তেওঁ বিজেপিত যোগদান কৰালে  আৰু আনফালে যোৱা কালি অসম চৰকাৰৰ কেবিনেটে "কিৰণ শেখ  উন্নয়ন পৰিষদ" বৰাক উপত্যকাত গঠন কৰিলে ।

"কিৰণ শেখ"হৈছে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মিঞা মাছমৰিয়া ।

     এফালে খিলঞ্জীয়াৰ ছয় জনগোষ্ঠীৰ জনজাতি কৰন, অসম চুক্তিৰ ছয় নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ কেইবা বাৰো প্ৰতিশ্ৰুতি দি একো নকৰিলে আৰু আনফালে মিঞাক গালি পাৰি খিলঞ্জীয়াৰ সমৰ্থন সংগ্ৰহ কৰিলে। তেওঁ ভালকৈ জানে যে খিলঞ্জীয়া মানুহে কথাতেই সন্তুষ্ট হয়।  কিন্তু মিঞা মানুহক প্ৰকৃতাৰ্থত সুবিধা দিবই লাগিব ।

ইয়াৰ পূৰ্বে  ইতিমধ্যে শ্ৰী  হিমন্ত বিশ্ব শৰ্মাই  মিঞাক খিলঞ্জীয়া হোৱাৰ পথ প্ৰদৰ্শন কৰিছেই ।

        মিঞা এটা সমূদায় বাবে উন্নয়ন পৰিষদ গঠন কৰাটোৱে পৰিষ্কাৰ কৈ বুজাই যে তেওঁ খিলঞ্জীয়াৰ পক্ষত নাই।  তেওঁৰ উদেশ্য হৈছে মাত্ৰ যিকোনো প্ৰকাৰে ভোট সংগ্ৰহ কৰা।

   আজিৰ সময়ত তেওঁ এনেকুৱা স্থিতি লব পাৰিছে কিয়নো বাকী সকলো ৰাজনৈতিক দল 
ইতিমধ্যেই মিঞাৰ পক্ষতে আছেই যাৰ বাবে এই দল সমূহৰ লগত খিলঞ্জীয়া ৰ সমৰ্থনৰ পৰিমাণ নগণ্য।

    অগপ অসম আন্দোলনৰ বিদেশী বিৰোধ কৰা এটা দল আছিল।কিন্তু ক্ষমতালৈ আহি বাংলাদেশীক তোষামোদ কৰাৰ বাবেই ৰাইজে প্ৰত্যাখ্যান কৰি বিজেপিক আনিলে।
    এতিয়া শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিজেপিয়ে একে স্বৰূপ পুনৰাবৃত্তি  কৰিছে।



উপমন্যু হাজৰিকা
আহ্বায়ক
   প্ৰব্ৰজন বিৰোধী  মঞ্চ।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.