Header Ads

অসমে এন এইচ পি সির বিরুদ্ধে আসুর আন্দোলন

*ৰাজ্যজুৰি এন এইচ পি চিৰ প্ৰতিকৃতি দাহেৰে উত্তাল প্ৰতিবাদ আছুৰ*

গুৱাহাটী, ৩০ ছেপ্তেম্বৰঃ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰা; অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ বিশেষজ্ঞৰ পৰামৰ্শ আওকান কৰি নামনি সোৱণশিৰী বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ ফলত  প্ৰকল্পটোত শেহতীয়াকৈ সৃষ্টি হোৱা নিৰাপত্তাহীনতাৰ পৰিস্থিতিৰ বাবে প্ৰকল্পটোৰ কাম বন্ধ কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি জিলা সদৰ সমূহত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ বিৰোধী, এন এইচ পি চি বিৰোধী, নামনিত বাস কৰা জনসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ বিভিন্ন শ্ল’গানৰে বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰিবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীদীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শ্ৰীশংকৰজ্যোতি বৰুৱাই প্ৰতিবাদস্থলীৰ পৰা কয়- অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ বিশেষজ্ঞৰ বিজ্ঞানসন্মত পৰামৰ্শ নুশুনি আকোৰগোজ মনোভাৱেৰে, বলপূৰ্বকভাৱে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম চলাই থকাৰ বাবে শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল ৷ কৰ্মৰত শ্ৰমিকৰ জীৱন কোনোমতেহে ৰক্ষা পৰিল ৷ প্ৰকল্পটোৰ নামনিত বসবাস কৰা জনসাধাৰণৰ নিৰাপত্তাহীনতাৰ কথা পুনৰ প্ৰতিফলন ঘটিল ৷ এনে পৰিস্থিতিত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম কেন্দ্ৰীয় চৰকাৰ আৰু এন এইচ পি চিয়ে অতিশ্ৰীঘ্ৰে বন্ধ কৰক ৷ ৰঙানদী বান্ধ, কুৰিশ্ব বান্ধ, কপিলী বান্ধৰ পৰা চৰকাৰে শিক্ষা লোৱা উচিত ৷ ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয় ৷ কিন্তু যি বৃহৎ নদীবান্ধে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিঃশেষ কৰিব, তেনে নদীবান্ধ নালাগে ৷ চৰকাৰে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক সন্মান জনাওক ৷ বৃহৎ নদীবান্ধৰ কাম বন্ধ হ’বই লাগিব ৷  এই নদীবান্ধ বন্ধৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদ হৈছে ৷ নামনিত বাস আনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব ৷ ছাত্ৰ সন্থাৰ স্পষ্ট অসমৰ বিশেষজ্ঞ সমিতি আৰু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰক ৷

বাৰ্তা প্ৰেৰক, 
শংকৰজ্যোতি বৰুৱা
সাধাৰণ সম্পাদক
সদৌ অসম ছাত্ৰ সন্থা

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.