ভারতের রাষ্ট্রপতি দ্রৌপদী মুর্মু অসমের ধুবরি মেডিক্যাল কলেজ উদ্বোবন করবেন
*১২ অক্টোবৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে*, *বুধবাৰে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উদ্বোধনী প্ৰস্তুতিৰ বুজ ল'ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই*, *নৱেম্বৰৰ পৰা এমবিবিএছৰ ১০০ আসনেৰে আৰম্ভ হ'ব নিয়মীয়া পাঠদান*
গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অহা ১২ অক্টোবৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব নৱ-নিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়। পশ্চিম অসমত স্থাপন কৰা ৰাজ্যৰ এই নৱমখন চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ পৰা 'ভাৰ্চুৱেল' মাধ্যমেৰে মহামহিম ৰাষ্ট্ৰপতি গৰাকীয়ে উদ্বোধন কৰিব। নতুন চিকিৎসা মহাবিদ্যালয়খনৰ শুভ উদ্বোধনৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্ততিক লৈ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। বুধবাৰে পুৱাই বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ সৈতে প্ৰথমে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কক্ষসমূহ পৰিদৰ্শন কৰি অন্তিম পৰ্যায়ৰ নিৰ্মাণকাৰ্য সঠিক ভাৱে সম্পূৰ্ণ হৈছে নে নাই, সেয়া নিৰীক্ষণ কৰে। পৰিদৰ্শনৰ অন্তত মন্ত্ৰী মহন্তই চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত সাংসদ মাৰ্ঘেৰিটাৰ লগতে জিলাখনৰ বিধায়কসকলৰ উপস্থিতিত জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক, চিকিৎসা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যবৰ্গ, বিভিন্ন বিভাগৰ মূৰব্বী অধ্যাপক তথা অধ্যাপকসকল আৰু লোক নিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত নতুন চিকিৎসা মহাবিদ্যালয়খন গুৱাহাটীৰ পৰা মহামহিম ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাৰ্চুৱেল পদ্ধতিৰে শুভ উদ্বোধন কৰিব লগা মূল চৰকাৰী কাৰ্যসূচীৰ সমান্তৰালকৈ সেইদিনা চিকিৎসা মহাবিদ্যালয়খনতো আয়োজন কৰিব লগা বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ দিশসমূহক লৈ বিতং ভাৱে আলোচনা কৰা হয়। আনুষ্ঠানিক উদ্বোধৰ পিছত অহা নৱেম্বৰৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা শিক্ষাৰ পাঠদান আৰম্ভ কৰাৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভতো বৈঠকত চৰ্চা কৰা হয়। এই ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ বিষয়েও আজিৰ বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, মূৰব্বী অধ্যাপকসকলৰ লগতে অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালকৰ সৈতে আজি পৰ্যালোচনা কৰে।
উল্লেখ্য যে, নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনত ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই চিকিৎসা শিক্ষাৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰাকৈ ইতিমধ্যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিছে। এনএমচিৰ পৰা এই বিধিগত অনুমোদন লাভৰ পাছতে ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে অসমৰ এই নৱতম চিকিৎসা মহাবিদ্যালয়খনত অহা নবেম্বৰৰ পৰাই এমবিবিএছ পাঠ্যক্ৰম মুকলি কৰিবলৈ অন্তিম প্ৰস্তুতি আৰম্ভ কৰে। আজিৰ পৰিদৰ্শন তথা পৰ্যালোচনা বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে এমবিবিএছৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত এশগৰাকী শিক্ষাৰ্থীৰ নামভৰ্ত্তিৰে অহা নৱেম্বৰৰ প্ৰথম ভাগৰ পৰাই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত পাঠদান আৰম্ভ কৰা হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঠনি সাজু হৈ উঠাৰ লগতে আৰু শিক্ষক-কৰ্মচাৰীয়েও নিজ নিজ দায়িত্ব চম্ভালি লৈছে।








কোন মন্তব্য নেই