Header Ads

"নো এস টি নো রেস্ট" চুতিয়া জনগোষ্ঠীর আন্দোলন


*চুতীয়া জনগোষ্ঠী জনজাতিকৰণ কৰা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটৰ চুতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদল কাৰ্যসূচী*
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিজেপি চৰকাৰে কৰা ৰাজনীতি সহ্য কৰা নহব - মহেন বৰা।
গোলাঘাট: ২৫ ছেপ্তেম্বৰ - চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই। গোলাঘাটৰ NRL পেট্ৰল পাম্পৰ পৰা প্ৰায় আঠ সতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, হিমন্ত বিশ্ব শৰ্মা গ'বেক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ গ'বেক, নৰেন্দ্ৰ মোদীৰ কাম নাই, নৰেন্দ্ৰ মোদী মিছলীয়, নৰেন্দ্ৰ মোদী গ'বেক, NO ST NO REST, আমাক জনজাতি লাগিবই, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ, জনজাতিকৰণক লৈ প্ৰতাৰণা সহ্য কৰা নহব, আহ ঐ আহ ওলাই আহ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লগানেৰে গোলাঘাট নগৰৰ মাজেদি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বেজবৰুৱা চাৰিআলিত উপস্থিত হৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰাই কয় যে জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ। এই অধিকাৰৰ পৰা আমাক কোনেও আঁতৰাই ৰাখিব নোৱাৰিব। জনজাতিকৰণক লৈ বিজেপি চৰকাৰে কৰা ৰাজনীতি শীঘ্ৰেই বন্ধ নকৰিলে ইয়াৰ ফল বিজেপি চৰকাৰে ভুগিব লাগিব বুলি কয়। বহাগত কুলিয়ে মতাৰ দৰে বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়তহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণলৈ মনত পৰে বুলি বক্তব্য কৰে। বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে। জনজাতিকৰণকলৈ বিজেপি চৰকাৰৰ সদইচ্ছাৰ অভাৱ বুলিও বক্তব্য আগবঢ়ায়। এইবাৰ ছয় জনগোষ্ঠীৰ ৰাইজে নিৰ্বাচনৰ সময়ৰ জনজাতিকৰণৰ ললিপপ নাখায়। এমাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰলৈ মন্ত্ৰীগোটক প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি ফুপজহি মৰা মন্ত্ৰী সভাৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰায় তিনিবছৰে প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ সক্ষম নহল বুলি আক্ষেপ প্ৰকাশ কৰে। ছয়  জনগোষ্ঠীক জনজাতিকৰণ নকৰালৈকে গাঁৱে-ভুয়ে, চহৰে- নগৰে ধাৰাবাহিক সংগ্ৰাম গঢ়ি তোলা হব বুলি কয়। আৰু যি কোনো পৰ্য্যায়লৈ যাবৰ বাবে সন্থাৰ কৰ্মী সকলক সাজু হবলৈ আহ্বান জনোৱাৰ লগতে স্বায়ত্ব শাসনৰ ক্ষেত্ৰতো চুতীয়া জনগোষ্ঠীক বিজেপি চৰকাৰে চুড়ান্ত প্ৰতাৰণা কৰাৰ কথা উল্লেখ কৰে। কাৰ্যসূচীত সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, উপ- সভাপতি পাপু শইকীয়া, সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সম্পাদক ৰুবুল বৰা আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.