Header Ads

সারা বিশ্ব ভারতের প্রতিরক্ষার দিকে চেয়ে আছে বললেন রাজ নাথ সিং

তিনিদিনীয়া অসম-অৰুণাচল ভ্ৰমনসূচী লৈ ডিব্ৰুগড়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
অসম চৰকাৰৰ হৈ মন্ত্ৰী অতুল বৰাৰ উস্ম আদৰণি
বিশেষ সংবাদ দাতা
ডিব্ৰুগড়,২৮চেপ্তেম্বৰঃআজি তিনিদিনীয়া অসম-অৰুনাচল ভ্ৰমনসূচী লৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিয়লি বায়ু সেনাৰ বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ বায়ু সেনা ঘাটিত উপস্থিত হয়।ৰাজধানী দিল্লীৰ পৰা বায়ু সেনাৰ বিশেষ বিমানেৰে উৰা মাৰি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত বিয়লি অৱতৰণ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ফুলাম গামোচাৰে উস্ম আদৰণি জনায় আৰু স্থানীয় বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকে।মোহনবাৰীৰ বিমান বন্দৰৰ পৰাই সেনাৰ বিশেষ হেলিকপ্টাৰৰ জৰিয়তে বিয়লি ৪:১০ বজাত দিনজানত থকা সেনাৰ চেকেণ্ড মাউনটেন্ট ডিভিজনলৈ ৰাওনা হয়।দিনজানৰ সেনাৰ চাউনীত উপস্থিত হৈ সন্ধ্যা জিঅচি'-৩ ক্ৰপচৰ সৈতে মত বিনিময় কৰাৰ উপৰিও বিভিন্ন সেনা বিষয়াৰ সতে গুৰুত্বপূৰ্ণ আলোচনাত অৰুণাচল প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত প্ৰতিৰক্ষা প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।দেশৰ প্ৰতিৰক্ষাৰ মন্ত্রী ৰাজনাথ সিঙে দিনজানৰ সেনা চাউনীত সেনা গঠন পৰিদৰ্শন কৰে।পূব অৰুণাচল প্ৰদেশৰ এল এ চিৰ স্পৰ্শকাতৰ স্থানসমূহৰ এই ৩ দিনীয়া ভ্ৰমণত ৰাজনাথ সিঙৰ সৈতে সেনা প্ৰধান,জেনেৰেল মনোজ পাণ্ডে আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা, আৰ্মিৰ ইষ্টাৰ্ণ কমাণ্ডৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলে সহযোগ কৰিব।প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক দেশৰ এল এ চিৰ কাষে কাষে সামৰিক আন্তঃগাঁথনি উন্নয়নৰ লগতে সামৰ্থ্য বিকাশ আৰু কাৰ্য্যকৰী প্ৰস্তুতিৰ বিষয়ে লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰী, জিঅ’চি ৩ কৰ্পছ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অৱগত কৰে।পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ অতি পূব অংশত(অৰুণাচল)সেনাৰ কাৰ্যৱলীৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে।এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীক ফ্ৰণ্টলাইনত নিয়োজিত সৈন্যৰ কাৰ্য্যক্ষমতা বৃদ্ধিৰ বাবে অত্যাধুনিক সামৰিক সঁজুলি আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়েও অৱগত কৰা হয়।অহা ২৯ ছেপ্টেম্বৰত আৰ এম-এ অপাৰেচনেল প্ৰস্তুতিৰ ওপৰত পোন প্ৰথমবাৰৰ বাবে আৰু সেনাৰ সৈতে মত বিনিময় কৰিবলৈ ফৰৱাৰ্ড পোষ্টসমূহ ভ্ৰমণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।অহা ৩০ চেপ্তেম্বৰত ৰক্ষা মন্ত্ৰীগৰাকীয়ে স্থানীয় ইদু মিচিমি জনগোষ্ঠীৰ বাৰ্ষিক ট্ৰেকিং আথু পুপু(দ্বিতীয়)ধৰ্মীয় পদযাত্ৰী সদস্যসকলৰ সৈতে মত বিনিময় কৰিব।এই সদস্য সকল ভাৰতীয় সেনাৰ বহি:ৰাগত সমল হিচাপে ব্যবহৃত হোৱাত বিগত ২০২১ চনৰ পৰা ভাৰতীয় সেনাই উক্ত লোকসকল সহায় কৰি অহাৰ লগতে স্থানীয় লোকসকলক পৰ্যটনৰ বিকাশৰ দিশত সকলো প্ৰকাৰৰে সহায়-সহযোগ অব্যাহত ৰখাৰ প্ৰচেষ্টা চলাই আহিছে।আনহাতেদি আৰ এম-এ প্ৰত্যাহ্বানমূলক চৰ্তত সেনাৰ স্পিয়াৰ কৰ্পছৰ সকলো ৰেংকে আগবঢ়োৱা প্ৰত্যাহ্বানমূলক কাম আৰু দায়িত্বশীল সেৱাৰ বাবে ভূয়সী প্ৰশংসা কৰে কেন্দ্ৰীয় ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।আজি দিনজান সেনা চাউনীতে নিশাটো যাপন কৰি ২৯ চেপ্তেম্বৰত পুৱা ৮ বজাত সেনাৰ বিশেষ হেলিকপ্টাৰৰে ড্ৰেগনৰ দেশ চীন-ভাৰত সীমান্তৰ অৰুনাচলৰ দিবাং ভেলীলৈ ৰাওনা হব।উল্লেখ্য যে দিবাং ভেলীৰ সদৰ আনিনীৰ পৰা কিছু নিলগতে আছে ৰঙা চীন সীমান্ত।ৰঙা চীনে অৰুনাচলৰ সীমান্তত বহু অবৈধ নিৰ্মান কাৰ্য চলাই থকাৰ লগতে অৰুনাচলৰ সাধাৰণ জনতাক বহুবাৰ ১৫ দিনৰ অধিক সময় বন্দী কৰি ৰখাৰ বাতৰিয়ে
ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বেচ চাঞ্চল্যৰ স্বৃষ্টি কৰিছিল।সাধাৰণ জনতাক সচকিত কৰি তোলাৰ সময়তে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ এনে ভ্ৰমন যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলিও বিবেচিত হৈছে।অৰুনাচলৰ দিবাং ভেলীত সেনাৰ বিষয়াৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লৈ আকাশমাৰ্গৰে চীন-ভাৰত সীমান্ত ভ্ৰমন কৰি পুৱা ১০:৪৫ বজাত হেলিকপ্টাৰৰে ডিব্ৰুগড়লৈ উভতি আহিব।দুপৰীয়া ১২:১৫ বজাত মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰি মোহনবাৰীৰ পৰাই দুপৰীয়া ১২:৩০ বজাত তেজপুৰলৈ বিশেষ বিমানেৰে ৰাওনা হব।তেজপুৰত উপস্থিত হৈ তাৰ পৰা সেনাৰ বিমানেৰে ৩০ চেপ্তেম্বৰত অৰুনাচলৰ কামেং জিলালৈ ৰাওনা হৈ বমডিলা আৰু টাৱাং পথত থকা নিৰ্মীয়মান চেলা টানেল পুৱা ১০ বজাত পৰিদৰ্শন কৰিব।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.