হাতিগাঁও গ্লোবাল হাসপাতালে জাতীয় পতাকা বিক্রির সূচনা করেন পদ্মশ্রী ডাক্তার ইলিয়াস আলী
নয়া ঠাহর ,গুয়াহাটি ;গ্লবেল হাস্পতাল চৌহদত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি /গুৱাহাটী,৩০ জুলাই: দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে 'আজাদী কি অমৃত মহোৎসৱ'ৰ অংশ ৰূপে এইবেলি গ্ৰহণ কৰা 'হৰ ঘৰ কা ত্ৰিৰঙ্গা' কাৰ্যসূচী হিচাপে আজি গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত গ্লবেল হাস্পতাল চৌহদত অসম গ্ৰামীন জীৱিকা উন্নয়নৰ ঔদ্যোগতক এটা জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত পতাকা বিক্ৰী কেন্দটো যৌথ ভাবে মুকলি কৰে বিশিষ্ট শল্য চিকিৎসক পদ্মশ্ৰী ডা: ইলিয়াছ আলী আৰু অসম চৰকাৰৰ জেষ্ঠ আমোলা তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিব ড°জে.বি এক্কা ডাঙৰীয়াই। এই উদ্বোধনী কাৰ্যসূচীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালিকা শ্ৰীযুতা কৃষ্ণা বৰুৱা ডাঙৰীয়ানীৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ ক্ৰমে ড° ৰৌজী বৰুৱা, শ্ৰী মাধুৰ্য্য দাস তথা শ্ৰীযুতা শিবালিকা মেধি উপস্থিত থাকে। এই বিক্ৰী কেন্দ্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলা সকলে চিলাই কৰি উলিওৱা বিভিন্ন আকাৰৰ পতাকা উপলব্ধ থাকিব। ডা: আলীয়ে চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয় আৰু গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলা সকল লাভবান হ'ব বুলি কয়। আনহাতে সচিব এক্কাই গ্লবেল হাস্পতাল চৌহদত কেন্দ্ৰটো মুকলি কৰাত সন্তুষ্টি প্ৰকাশ কৰে । সভাত হাস্পতালৰ চিকিৎসক, কম'চাৰী, বহু ৰোগী আৰু অভিভাৱক উপস্থিত থাকে।
কোন মন্তব্য নেই