Header Ads

অসমে আর্থিকভাবে পিছিয়ে পড়া মেধাবী ছাত্র ছাত্রীদের ফেলোশিপ প্রদানের আহবান



 নয়া ঠাহর, গুয়াহাটি :আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ফেল'শ্বিপৰ বাবে আবেদন আহ্বান...
 "অধ্যায়" হ'ল এটা দাঁতব্য সংস্থা, যি উত্তৰ-পূব ভাৰতৰ যুৱ দক্ষতা আৰু শিক্ষাৰ বিকাশৰ লগতে আৰ্থিক স্বচ্ছতাৰ ওপৰত কাম কৰে। এই সংগঠনৰ "লুইত ফেল' আঁচনিৰ যোগেদি অসমৰ আর্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ২০১৬ চনৰ পৰা ফেল'শ্বিপ প্ৰদান কৰি আহিছে। এই বৃত্তিৰ মুখ্য উদেশ্য হ'ল আৰ্থিক সহায়ৰ লগতে এজন অভিজ্ঞতা সম্পন্ন সহায়ক আৰু পৰামৰ্শদাতাৰ লগত যুক্ত কৰি ভৱিষ্যতে সমাজৰ এজন আদৰ্শ ব্যক্তি হিচাপে যাতে নিজকে পৰিগণিত কৰিব পাৰে আৰু ভৱিষ্যত সমাজক এক ইতিবাচক বৰঙণি যোগাব পাৰে। বৰ্তমানলৈকে এই আঁচনিৰ অধীনত ৫৬জন ছাত্ৰ ছাত্ৰীক ফেল'শ্বিপ প্ৰদান কৰা হৈছে। ফেল'শ্বিপৰ পৰিমাণ শিক্ষাৰ্থী গৰাকীৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয়। এই বছৰো 'লুইত ফেল'ৰ অধীনত  অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ন হোৱা আর্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা ফেল'শ্বিপৰ বাবে আবেদন আহ্বান কৰা হৈছে। আবেদন কৰাৰ বাবে ছাত্ৰজনৰ নূন্যতম নম্বৰ ৮৫% ৰ ওপৰত হব লাগিব আৰু তেওঁ চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ন হোৱাৰ লগতে আর্থিকভাৱে পিছপৰা পৰিয়ালৰ হব লাগিব। আবেদন পত্ৰ লুইত-ফেল'ৰ ৱেবছাইট www.luitfellows.org ৰ পৰা নাইবা ৯১০১০৯৬৩০৪ নম্বৰত ফোন কৰি আৰু info@adhyaya.org-ত মেইল কৰিও সংগ্ৰহ কৰিব পাৰিব। আবেদন জমা দিয়াৰ শেষ তাৰিখ ১৫ জুলাই, ২০২২।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.