Header Ads

ভাওনা নিয়ে অপমানজনক মন্তব্যের নিন্দা সাংবাদিক সংস্থার,ক্ষমা চান অশোক সিংহল


 নয়া ঠাহর ,সংবাদদাতা
গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক অপমান কৰা মানে সমগ্ৰ অসমীয়া জাতিক অপমান কৰা: জাফা 


 গুৱাহাটী ৪ মাৰ্চ ২০২৫ :  গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিৰ দলে কালি অসম চৰকাৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালক সাক্ষাত কৰি প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে মঞ্চস্থ কৰিব খোজা ভাওনাৰ নিমন্ত্ৰণ দিব যাওঁতে কেবিনেট মন্ত্ৰী গৰাকীয়ে অসমৰ বাৰেবৰণীয়া কৃষ্টি তথা গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰ ওপৰত কৰা কুটু মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে জাফাই।

 আনহাতে মন্ত্ৰী গৰাকীয়ে কৰা  মন্তব্যক জৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফাই তীব্ৰ গৰিহণা দিছে৷ 

জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ৰ হৈ প্ৰচাৰ সম্পাদক হীৰক জ্যোতি মেধিয়ে সংবাদ মাধ্যম লৈ প্ৰেৰণ কৰা এক বিবৃতিত -
 মন্ত্ৰী গৰাকীয়ে ভাওনাক লৈ কৰা কুটু মন্তব্য উঠাই লবলৈ আৰু অসম তথা অসমীয়াক কৰা অপমানৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়।

লগতে  আগন্তুক দিনত এনেধৰণৰ মন্তব্যৰ প্ৰদানৰ পৰা বিৰত থাকিবলৈ জাফাৰ পৰা সঁকিয়াই দিয়া হয়।শেষ পর্যন্ত অশোক ক্ষমা চেয়ে নেন।


 
হীৰকজ্যোতি মেধী
 প্ৰচাৰ সম্পাদক
কেন্দ্ৰীয় সমিতি
জৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম (জাফা)

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.