Header Ads

,, চাপাগুড়ি তে গির্জ্জা শুভ উন্মোচন

চিৰাঙৰ চাপাগুৰিত   নৱ নিৰ্মিত কেথলিক গীৰ্জাৰ শুভ উদ্বোধন

কাজলগাঁও, ৩ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ ছাপাগুৰিত কালি  খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাৰ স্থল নৱ নিৰ্মিত  কেথলিক গীৰ্জা এটিৰ শুভ উদ্বোধন কৰা হয় ৷ বহু সংখ্যক  ধৰ্ম যাজকৰ উপস্থিতিত  ধৰ্মীয় নীতিৰে এই কাৰ্য অগণন ধৰ্মীয় লোকৰ অংশ গ্ৰহণেৰে  কাৰ্য সমাপন কৰা হয় ৷   উল্লেখ্য যে, প্ৰায় এক  কোটি টকা ব্যয় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ এই  কেথলিক গীৰ্জাৰ উদ্বোধনী অনুষ্ঠানত উপলক্ষে  এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে । এই শুভ অনুষ্ঠানত  উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা খ্ৰীষ্টান ধৰ্মীয় ধৰ্মযাজক সকল উপস্থিতিত গুৱাহাটী আৰ্চ বিছপ জন মুলাচিৰাই য়ে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে এই কেথলিক গীৰ্জাৰ দ্বাৰ উদ্বোধন কৰে ।  উদ্বোধন কৰি ধৰ্মযাজক গৰাকীয়ে  অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত শান্তি আৰু একতা গঢ়ি বৰ্তাই ৰাখি এনাজৰী অধিক মজবুত হৈ উঠাৰ আশা ব্যক্ত  কৰে।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.