অসম সাহিত্য সভার পাঠ শালার অধিবেশনের বর্ণিল শোভা যাত্রা
*অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম্ দ্বি- বাৰ্ষিক,পাঠশালা অধিবেশনৰ বৰ্ণিল শোভাযাত্ৰা*...
*2 ফেব্ৰুৱাৰী,২০২৫ ইং*
---------------------------------
নৱ নিৰ্বাচিত অসম সাহিত্য সভাৰ সভাপতি ড ০ বসন্ত কুমাৰ গোস্বামী আৰু সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক লৈ উলিওৱা বিভিন্ন জাতি- জনগোষ্ঠীৰ -কৃষ্টি -সংস্কৃতি প্ৰদৰ্শনীৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা
আনন্দৰাম বৰুৱা একেদেমী প্ৰাংগনৰ পৰা প্ৰায় কুৰি সহস্ৰাধিক ৰাইজৰ অংশ গ্ৰহনেৰে ৫ কি.মি.দৈৰ্ঘৰ নান্দনিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি অধিৱেশন থলী ভট্ৰদেৱ ক্ষেত্ৰলৈ উপস্থিত হোৱাৰ প্ৰতিটো মূহুৰ্ত মোৰ বাবে চিৰস্মৰণীয় হৈ থাকিব।
সন্ধিয়ালৈ সময় অতিবাহিত কৰি বৰপেটা ৰোডলৈ উভতি অহাৰ ইচ্ছা নাছিল যদিও যাতায়াতৰ সমস্যা হ'ব পাৰে ভাবি ভাৰাক্ৰন্ত মনেৰে গুচি আহিব লগা হ'ল ।
আলোকচিত্ৰ বোৰ সময়ত কিঞ্চিৎ গোষ্ঠীৰ ৱেবচাইট ( www.kinchitgosthi.in) ক্ৰম অনুসাৰে আপোনালোকৰ জ্ঞাতাৰ্থে আপলোড কৰি দিয়া হ'ব ।
" উপ সভাপতি ''
( ডা:মানিক লাল ভৌমিক)
*প্ৰকাশন উপ-সমিতি*
সপ্তসপ্ততিতম্ দ্বিবাৰ্ষিক অধিবেশন-২০২৫
পাঠশালা,বজালী।🙏








কোন মন্তব্য নেই