রাহুল গান্ধী বক্তব্য সত্যের আধারে প্রতিষ্ঠিত দাবি দেব্রত শইকিয়ার
ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা ১৫ জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত যি বক্তব্য ৰাখিছিল, সেয়া সম্পূৰ্ণ সত্য আৰু তথ্যৰ আধাৰত প্ৰতিষ্ঠিত, তেখেতে কৈছিল - আমি মাত্ৰ এটা ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া নাই আমি ৰাজনৈতিক শক্তিৰ লগতে ভাৰত ৰাষ্ট্ৰৰ কেইটামান সংস্থাৰ লগতো যুঁজ কৰিব লগীয়া হৈছে। ভাৰতৰাষ্ট্ৰৰ কেইবাটাও নিৰপেক্ষীয় সংস্থা আছে, উদাহৰণস্বৰূপে, উচ্চতম ন্যায়ালয়, নিৰ্বাচন আয়োগ, ED, CBI অথবা প্ৰৱৰ্ত্তন সঞ্চালকালয় ইত্যাদি। কিন্তু মনত পেলাব লাগিব যে, এটা সময়ত উচ্চতম ন্যায়ালয়ৰ কেইবাজনো ন্যায়াধীশে আমি স্বাধীনভাৱে কাম কৰিব পৰা নাই বুলি সংবাদমেল যোগে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। থিক তেনেকৈ, শেহতীয়াকৈ নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ে ফৰ্ম ১৭খন ৰাজহুৱা কিয় কৰা নহ'ব বুলি জাননী প্ৰেৰণ কৰি জৱাবদিহী কৰিবলগীয়া হৈছে। যিহেতু কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী আইন সংশোধন কৰি তথ্য লুকুৱাৰ এক ষড়যন্ত্ৰ কৰিছে! অনুৰূপ ধৰণেৰে প্ৰৱৰ্ত্তন সঞ্চালকালয়ক উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ জৱাবদিহি কৰিছে বহু ব্যক্তিৰ বিৰুদ্ধে তেওঁলোকে গোচৰ তৰাৰ পিছতো সেই গোচৰ সমূহত অধিকাংশকে দোষী সাব্যস্ত কৰিব পৰা নাই আৰু ইয়াৰ অধিকাংশই ৰাজনৈতিক ভাৱে অনুপ্ৰাণিত আছিল। অনুৰূপ ধৰণেৰে CBI আৰু আৰক্ষী বাহিনীকো ৰাজনৈতিক প্ৰৰোচনাত গোচৰ ৰুজু কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ে বহুকেইটা গোচৰত সকীয়নি দিব লগীয়া হৈছে। ইয়াৰ উপৰিও উচচতম ন্যায়ালয়ে CBI'ক "পিঞ্জৰাৰ ভাটৌ" বুলি উল্লেখ কৰিছিল। এই প্ৰসংগতে ৰাজনৈতিক শক্তিৰ উপৰিও কেতবোৰ সংস্থাৰ বিৰুদ্ধেও ভাৰতৰ জনগণই যুদ্ধ কৰিবলগীয়া হৈছে। কাৰণ বৰ্তমান এই কেতবোৰ সংস্থাক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। গতিকে ৰাহুল গান্ধীয়ে কোৱা কথাখিনি একেবাৰে সত্য। এনে সময়তে গুৱাহাটীত সদৰ আৰক্ষী থানাত এজন ব্যক্তিয়ে দিয়া গোচৰটো মোৰ দৃষ্টিত তেখেতে নিজৰ ৰাজনৈতিক সক্ৰিয়তা দেখুৱাবলৈ দিয়া এক গোচৰ তথা সত্য কথা কোৱা লোকক ষড়যন্ত্ৰ কৰি মুখ বন্ধ কৰাৰ এক প্ৰয়াস মাথোঁ! তেখেতে ৰাহুল গান্ধী ডাঙৰীয়াৰ সম্পূৰ্ণ ভাষাটো শুনিলে এই পৰিস্থিতিৰ উদ্ভৱ নহ'ল হয় চাগে!
আনকি আমাৰ সংবিধান প্ৰণেতা ড° ভীমৰাও ৰামজী আম্বেদকাৰ ডাঙৰীয়াই সংসদ বা বিধানসভাৰ অধিৱেশন একমাত্ৰ চৰকাৰী বিল বা পুঁজি আৱন্টনৰ বাবে নকৰি ৰাইজৰ আশা আকাংক্ষা আৰু দুখ দুৰ্দশাৰ আলোচনা আৰু সমালোচনাৰ বাবে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল, কিন্তু এতিয়া দেখা গৈছে, চৰকাৰে সংসদ আৰু বিধানসভাৰ অধিৱেশনৰ কাৰ্যসূচী সিমিত কৰি পেলাইছে। সেয়েহে ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি কথা কৈছে, সেইখিনি গুৰুত্বপূৰ্ণ আৰু লেখত লবলগীয়া।
কোন মন্তব্য নেই