মনোরঞ্জন শীল মারা গেলেন
*শ্ৰীযুত মনোৰঞ্জন শীল ডাঙৰীয়া আৰু নাই*
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ কামাখ্যা নগৰৰ প্ৰাক্তন সংঘচালক মাননীয় শ্ৰীযুত মনোৰঞ্জন শীল ডাঙৰীয়া যোৱা ২১ অক্টোবৰ সপ্তমী পূজাৰ দিনা নিশা ১০ বজাত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে। প্ৰয়াত শীল ডাঙৰীয়া সঙ্ঘৰ এগৰাকী নিষ্ঠাবান স্বয়ংসেৱক আছিল । ১৯৪৬ চনত অসমত আৰম্ভ হোৱা সঙ্ঘৰ কামৰ আৰম্ভণিৰ সময়ৰ পৰাই তেখেত স্বয়ংসেৱক আছিল । বাল্যকালৰ পৰাই তেখেতে সঙ্ঘৰ বিভিন্ন দায়িত্ব লৈ সঙ্ঘৰ কামত আত্মনিয়োগ কৰিছিল । ছাত্ৰজীৱন সমাপ্ত কৰি তেখেত ভাৰতীয় জীৱন বীমা নিগমৰ চাকৰিত যোগদান কৰে আৰু এগৰাকী উৰ্দ্ধতন বিষয়া ৰূপে অৱসৰ গ্ৰহণ কৰে । ছাত্ৰজীৱনত তেখেত যিদৰে সঙ্ঘৰ কামত সক্ৰিয়তাৰে জড়িত আছিল, ঠিক সেইদৰে চাকৰিকালতো তেখেতে সঙ্ঘৰ কামত একেধৰণেৰে সক্ৰিয় আছিল । আনকি অৱসৰৰ পিছত তেখেত আৰু অধিক ৰূপত সক্ৰিয়তাৰে সঙ্ঘৰ কামত জপিয়াই পৰিছিল । অৰ্থাৎ তেখেত আজীৱন সঙ্ঘৰ সক্ৰিয় কাৰ্য্যকৰ্তাৰূপে নিজকে প্ৰতিষ্ঠিত কৰিছিল । তেখেতৰ মৃত্যুত সঙ্ঘই এগৰাকী নিষ্ঠাবান স্বয়ংসেৱকক হেৰুৱালে।
তেখেতৰ আত্মাই সদ্গতি লাভ কৰক।
।। *ॐ শান্তি: শান্তি: শান্তি:* ।।








কোন মন্তব্য নেই