অসমীয়া গামছার কিছু নিদর্শন
মামনি বড় ঠাকুর। , মরান
..
গামোচা খনৰ বিষয়ে জানিব লগীয়া কেইটামান কথা।
অসমীয়াৰ স্বাভিমান,মৰমৰ "গামোচা"খনৰ বিষয়ে আজি আকৌ এবাৰ লিখিবলৈ চেষ্টা কৰিলোঁ।
"গামোচা"খনৰ ভিতৰত কিমান খিনি কথা সোমাই আছে,সেয়া আমি হয়তো জনা দৰকাৰ।
অসমীয়াৰ যিখন প্ৰকৃত গামোচা,তাৰ এটা ফালে ফুল বচা আৰু আনটো ফালে আচু দিয়া হয়।
ফুলবচা শাৰীটোৰ আগত ৰঙা সুতাৰে তিনিডাল আচ দিয়া থাকে। সেই আচকেইডালে অসমৰ সংস্কৃতিৰ তিনিটা বিহুৰ কথা সূচায়।
যেনে ৰঙালী(বহাগ) বিহু, ভোগালী(মাঘ) বিহু,কঙালী (কাতি)বিহু। সেই আচ কেইডালক "পুলি ভাঙি দিয়া"বুলিও কোৱা হয়। গামোচা খনৰ ফুলবচা দিশটো য়ে নাৰী অৰ্থাৎ স্ত্ৰী জাতিক বুজাই। লগতে সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিক বুজাই।
আনফালে থকা অংশটোৱে পূৰুষক বুজাই। যিহেতু "পূৰুষ আৰু প্ৰকৃতি"মিলিয়ে সৃষ্টি হৈছে জনজীৱন। সমাজ।
মাজৰ বগা অংশটোৱে উৰ্বৰা পথাৰ খনক বুজাই।কাৰন অসমীয়াৰ তিনিটা বিহুৱেই ধান খেতিৰ লগত জড়িত। গামোচা খনৰ দুয়ো কাষৰ আচু থকা অংশটোৱে বোৱতী নদীক বুজাই।কাষত থকা
ৰঙা ৰঙটোৱে সাহস, আত্মবিশ্বাস, শৌৰ্য্য,বীৰ্য্য,ক বুজাই। তাৰোপৰি বসন্ত কালত বেচিকৈ ৰঙা ফুল যিহেতু ফুলে তাকো বুজাইছে এই ৰঙা ৰঙটোৱে।
অসমীয়া সমাজ খনৰ সকলো কথাই সোমাই আছে এই "গামোচা"খনত।
ডাঙৰ ফুলৰ ভমকা ফুলিয়া গামোচা খনক "বিহুৱান"বুলি কোৱা হয়।
পাটসুতাৰে তৈয়াৰ কৰা গুণাৰ বুটা বছা গামোচা খনক "দৰা গামোচা"বোলা হয়।
তাৰোপৰি কেঁচা সুতা সিজাই তৈয়াৰ কৰা গামোচা খনক "পানী গামোচা"বুলি কোৱা হয়।এই গামোচাত দুয়োফালে আঁচু দিয়া হয়। ইয়াত ফুল নাথাকে।
এই গামোচা গা মচিবলৈ ব্যৱহাৰ কৰা হয়।
অসমীয়া শিপিনী শ্ৰদ্ধাৰ"প্ৰতিভা শইকীয়া, চুতীয়া ৰ পৰা আমি এই তথ্য সমুহ জানিব পাৰিলো। থলুৱা বস্ত্ৰশিল্পৰ ওপৰত যথেষ্ট জ্ঞান আছে তেখেতৰ।
তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ।
এই মূল্যবান কথা কেইটা আপোনালোকলৈ বুলি তুলি দিলোঁ। মোৰ দৰে আৰু কোনো, কোনো, নিশ্চয় উপকৃত হ'ব।
অসমৰ সম্প্ৰীতি,স্বাভিমান,সন্মানৰ প্ৰতীক এই"গামোচা" নিজস্ব মৰ্যদাৰে জিলিকি থাকক বিশ্ব দৰবাৰত।
*****************
মামণি বৰঠাকুৰ/মৰাণ/ ডিব্ৰুগড়,
Copy paste by K.Patowari . Dibrugah.








কোন মন্তব্য নেই