Header Ads

বাল্য বিবাহ নিয়ে সরকারের বার্যতা নিয়ে দেবব্রত সাইকিয়া সরব

*বাল্যবিবাহৰ বিৰুদ্ধে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া:- দেবব্ৰত শইকীয়া, বিৰোধী দলপতি অসম বিধানসভা।* 

বাল্যবিবাহ এক সমাজৰ ব্যাধি । বাল্যবিবাহ ৰোধ কৰিবলৈ চৰকাৰৰ হাতত বহুতো সংস্থান আছিল আৰু বৰ্তমানেও আছে। কিন্তু যোৱা ৭-৮ বছৰত কেনেকৈ অবৈধ ভাৱে ইমান বাল্যবিবাহ হ'বলৈ পালে সেয়া এক আচাৰ্যৰ বিষয়। এই সময়চোৱাত ইমান অধিক বাল্যবিবাহ হোৱাতো বিজেপি চৰকাৰখনৰ এক মাৰাত্মক বিফলতা। মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনাত ইতিমধ্যে বহু হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। শিশু আৰু মহিলা সুৰক্ষা তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী আমোলা তথা ইয়াৰ লগত জড়িত বৰ্ডে ইমান দিনে ইয়াৰ ওপৰত কিয় একো ব্যৱস্থা গ্ৰহণ নকৰিলে? ইয়াৰ জৱাবদেহী মুখ্যমন্ত্ৰীয়ে লোৱাতো উচিত আছিল। অবৈধ ভাৱে বিবাহ সম্পন্ন কৰিলেও ৭-৮ বছৰৰ পিছত এতিয়া যিহেতু তেওঁলোকে সাংসাৰিক জীৱন নিৰ্বাহ কৰি আছে,‌ গতিকে তেওঁলোকৰ পৰিয়ালসমূহক এতিয়া হাৰাশাস্তি নকৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ আৰু লগতে ভৱিষ্যতে যাতে এনে ঘটনা হ'বলৈ নাপায়, তাৰবাবে বিভাগ সমূহৰ জৱাবদেহী নিৰ্ণয় কৰিবলৈ মই দাবী জনাইছোঁ।bal7 

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.