Header Ads

লাচিত আর সরাই ঘাট বিতর্ক

*লাচিত আৰু শৰাইঘাট বিতৰ্ক*

লাচিতে শৰাইঘাটৰ যুদ্ধ কৰিবলৈ আহোঁতে লগত ব্ৰাহ্মণ দৈৱজ্ঞ আনিছিল, নে মহন দেওধাই বাইলুঙ টাই পুৰোহিত আনিছিল সেইটো বুৰঞ্জীত দেখোন স্পষ্টকৈ আছে । তাৰ পিছতো লাচিতৰ ধৰ্ম পৰিচয় লৈ বিবাদ বিতৰ্ক কৰিবলগীয়া কি কাৰণ আছিল ? আহোমসকলৰ হিন্দুকৰণ হৈছিল দীঘলীয়া সময়ৰ মাজেদি ।আজিও বহুত আহোমলোকে চকলং কৰে, অনেকে একেসময়তে কীৰ্তন-ভাগৱত পঢ়ে, নাম-সকাম পাতে, নামঘৰ মন্দিৰলৈ যায় আৰু পুৰণি টাই ধৰ্মৰ কিছুমান আচাৰ-আচৰণো মানি চলে । হিন্দুধৰ্মত এনেকুৱা উদাৰতা থকা বাবে আন বহুত জনগোষ্ঠীৰ মাজতো এনেকুৱা ধৰণৰ কথা দেখা যায় । বামুনী কোঁৱৰ চুডাংফাৰ দিনৰে পৰা ব্ৰাহ্মণ্য ধৰ্ম-সংস্কৃতিৰ লগত আহোম সকলৰ সম্পৃক্তকৰণ আৰম্ভ হয় । পিছত বৈষ্ণৱ আৰু শাক্ত গোঁসাই সকলৰ ওচৰত শৰণ লোৱাৰ মাধ্যমেৰ এই হিন্দুকৰণ প্ৰক্ৰিয়া আগবাঢ়ে ।উল্লেখযোগ্য যে আহোম সকল *_বামুনী কোঁৱৰ চুডাংফাৰ দিনৰে পৰা হিন্দু ধৰ্ম সংস্কৃতিৰ লগত সম্পৃক্ত হোৱাৰ লগতেহে থলুৱা অসমীয়া ভাষা সংস্কৃতিৰ লগতো সম্পৃক্ত হৈ পৰিছিল । এতিয়া হিন্দুকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত আপত্তি আৰু এলাৰ্জি প্ৰকাশ কৰা সকলে ইয়াৰ ওপৰত কি বুলি ক'ব ?_*

ব্ৰাহ্মণ্য ধৰ্ম-সংস্কৃতিৰ প্ৰভাব মানেই তাক ব্ৰাহ্মণ্যবাদ নোবোলে । জয়ধ্বজ সিংহই কুৰুৱাবাহী সত্ৰৰ এজন সত্ৰীয়া, আউনীআটি সত্ৰৰ প্ৰতিষ্ঠাপক কনিৰঞ্জন বাপুৰ শৰণ লোৱাৰ পিছৰ পৰাই বিভিন্ন আহোম ডা-ডাঙৰীয়াই সকলে বিভিন্ন বৈষ্ণৱ সত্ৰত শৰণ ল'বলৈ আৰম্ভ কৰে । বেছিভাগ আহোম ডা-ডাঙৰীয়া দিহিং সত্ৰৰ শিষ্য আছিল । কিন্তু আতন বুঢ়াগোঁহাইৰ লগতে লাচিত বৰফুকনেও আঁহতগুৰি সত্ৰত শৰণ লোৱাৰ লিখিত তথ্য পোৱা গৈছিল । পিছত উদাৰ বৈষ্ণৱ ধৰ্মৰ পৰিবৰ্তে কিবা ৰাজনৈতিক কাৰণত কঠোৰ স্মাৰ্ত ব্ৰাহ্মণ্যবাদ  আৰু বঙলুৱা শাক্ত ধৰ্মৰহে পোষকতা কৰিবলৈ লৈছিল ।গদাধৰ সিংহই মানুহক হাত চাপৰি বজাই বহি খোৱা খোদ কৰে বুলি বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱ সত্ৰবোৰৰ ওপৰত খড়্গহস্ত আছিল । অনেক বৈষ্ণৱ সত্ৰৰ ওপৰত অত্যাচাৰ চলাই আউনীআটিৰ সত্ৰাধিকাৰ কেশবদেৱৰ দৰে অনেকক নিৰ্বাসন দণ্ডও দিছিল । পিছত মহাৰাজ ৰুদ্ৰ সিংহই এই বৈষ্ণৱ নিৰ্যাতনৰ অৱসান ঘটাই সত্ৰীয়া গোঁসাই ভকত সকলক যথাস্থানত সংস্থাপিত কৰে যদিও তেওঁৰ দিনতে মুকলিমুৰীয়া পদ্মনাভ গোঁসাই, পৰ্বতীয়া গোঁসাই কৃষ্ণৰাম ভট্টাচাৰ্য আদি শাক্ত গোঁসাইৰ বাংলাৰ পৰা আমদানি হোৱাৰ লগতে বঙলু ভাষা-সংস্কৃতিৰ প্ৰবাহ এটাও ব'বলৈ ধৰে।উল্লেখযোগ্য যে তেওঁৰ পিচৰ পৰা ৰজাঘৰে শাক্ত গোঁসাইৰ ওচৰত শৰণ লোৱাৰ নীতি গৃহীত হয় ।এইজন ৰুদ্ৰসিংহই শিৱসাগৰৰ দৌল-দেৱালয় নিৰ্মাণ কৰোৱাৰ লগতে তেওঁৰ পিছৰ পৰাহে আহোম ৰজা তথা ডা-ডাঙৰীয়া সকলক মৃত্যু হ'লে মৈদাম দিয়াৰ সলনি দাহকৰা কাৰ্য আৰম্ভ হয় বুলি জনা যায় ।

শৰাইঘাটৰ যুদ্ধ হিন্দু আৰু মুছলমান সকলৰ মাজত ধৰ্ম-পন্থ লৈ হোৱা ধৰ্মীয় যুদ্ধ নাছিল । ইয়াৰ সলনি ৰাজ্য দখল কৰি নিজৰ প্ৰভাৱ প্ৰতিপত্তি বিস্তাৰ কৰাৰ বাবে হিন্দু আৰু মুছলমান ৰাজশক্তিৰ মাজত হোৱা যুদ্ধহে আছিল । ইয়াত মুছলমান ৰাজগোষ্ঠীৰ হৈ আশ্ৰিত বা দৰ্মহাখোৱা সৈন্য সেনাপতিয়ে যুজঁ কৰাৰ দৰে হিন্দু ৰজাৰ হৈয়ো থলুৱা মুছলমান সৈন্য পালি সেনাপতি কাৰিগৰ অভিযন্তাই কাম কৰিব পাৰে । তেতিয়া এতিয়াৰ দৰে (যোৱা কুৰি শতিকাৰ কুৰি দশকৰ খিলাফট আন্দোলনৰ সময়ৰ পৰা সৃষ্টি হোৱা) "পান ইছলামিজম" বা তাৰ প্ৰতিক্ৰিয়াত সৃষ্টি হোৱা হিন্দুত্ববাদী আবেগ আদৰ্শৰ প্ৰভাৱ সক্ৰিয় হৈ থকা নাছিল ।তেতিয়া "যেয়েই ৰজা তেওঁৰে প্ৰজা'' জাতীয় নীতি এটাহে প্ৰবল আছিল । কাজেই তেতিয়া এতিয়াৰ দৰে জাতীয়তাবাদ বুলি বস্তু এটাও নাছিল । গতিকে শৰাইঘাটৰ যুদ্ধৰ লগত হিন্দু মুছলমান বা অসমীয়া অনা অসমীয়া ভাৰতীয়ৰ সংঘাত সংঘৰ্ষ জাতীয় কথাবোৰ যুক্ত কৰাটো একেবাৰে অনৈতিহাসিক অযুক্তিকৰ বেঠিক কথা হৈছে ।
*_এটা কথা অবশ্যে হয় যে - আহোম সকলৰ সলনি শৰাইঘাটৰ যুদ্ধত মোগল বা মুছলমান ৰাজশক্তি বিজয়ী হোৱা হলে আজি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যসমূহ বঙ্গদেশৰ দৰে মুছলমান  প্ৰধান প্ৰদেশ বা অঞ্চল হৈ পৰিলহেঁতেন ।_* 

 গতিকে লাচিতৰ বীৰত্ব তথা আহোম সৈন্যৰ বিজয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ইছলামীকৰণ হোৱাত বাধা দিলে । এইপিনৰ পৰা এতিয়াৰ হিন্দুত্ববাদী সকলে লাচিতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ থল নোহোৱা নহয় ।
আজিৰ ভাৰতত হিন্দু মুছলমান পাঠান মোগল তুৰ্ক সকলৰ নাতি-পুতি সকলো আহোম ৰাজপুত মাৰাঠা জাঠ,গুজ্জৰ যাদব ব্ৰাহ্মণ বণিয়া সকলৰ দৰে সমান ভাৰতীয় । গতিকে অতীতৰ কথালৈ এতিয়াও দ্বন্দ খৰিয়াল কৰি থকাৰ কোনো কাৰণ থাকিব নেলাগিছিল । স্বাধীনতা আন্দোলনৰ সময়ত ওলোৱা দ্বিজাতিতত্বৰ আধাৰত দেশবিভাজনৰ দুৰগামী অপপ্ৰভাব হিচাপে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক বিভেদ বিদ্বেষৰ বীজ এটা এতিয়াও আমাৰ মাজত থাকি গ'ল । সেয়ে এতিয়া এনেকুৱা অনাহক বিতৰ্কত আমি অযথা সময় বৰ্বাদ কৰিব লগীয়া হৈছে । 

স্বাধীনতা আন্দোলনৰ সময়ত শিবাজী ৰাণা প্ৰতাপ সিংহ আদিক জাতীয় বীৰ সজাই উৎসৱ পালন কৰাৰ পৰম্পৰা আৰম্ভ হৈছিল । তেতিয়াই অসমতো লাচিত মেলা তথা জাতীয় উৎসৱ পালনৰ পৰম্পৰা আৰম্ভ হৈছিল । এওঁলোকে যুদ্ধ কৰা মোগল মুছলমান ৰাজশক্তিৰ লোকসকলো ভাৰতীয় নাছিল জানো ? গতিকে এওঁলোকক আক্ৰমণকাৰী শত্ৰু বুলি গণ্য কৰা কথাটো লৈ একাংশ লোকে মুছলমান সকলৰ মনত বিৰূপ প্ৰতিক্ৰিয়া আৰু বিচ্ছিন্নতাবাদী মনোভাবৰ সৃষ্টি কৰি দ্বিজাতিতত্বৰ সৃষ্টি কৰিছিল । এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা  মন কৰিবলগীয়া কথা যে লাচিত শিবাজী ৰাণাপ্ৰতাপ সিংহ লোকৰ দেশ বা ৰাজ্য আক্ৰমণ কৰিবলৈ যোৱা দখলদাৰী বাহিনীৰ সেনা নায়ক নাছিল, নিজৰ মাতৃভুমিৰ স্বাধীনতা অক্ষুন্ন ৰক্ষা কৰাৰ বাবে বাহিৰৰ আক্ৰমনকাৰীৰ প্ৰতিহত কৰা প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা বীৰসেনানীহে আছিল । এইপিনৰ পৰাই এওঁলোকৰ আদৰ্শ আৰু উদাহৰণ আজিও আমাৰ পুজনীয় আৰু গ্ৰহনীয় হৈ আছে ।আশাকৰোঁ সকলোৱে এইখিনি কথা বুজি পালেগৈ এনেকুৱা সকলো অযথা বাদ বিবাদ বিতৰ্কৰ ওৰ পৰিব ।

*পৰাগ পৱন শৰ্মাবৰা*

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.