ভূগর্ভস্থ জল ব্যবহারের উপর বাধা আরোপ করা যাবে না
নয়া ঠাহর ,গুয়াহাটি:ভূগৰ্ভস্থ-জল ব্যৱহাৰকাৰীক বাধ্যতামূলক পঞ্জীয়নৰ জাননীৰ বিৰোধিতা নাগৰিক সংগঠনৰ, ঐক্যৱদ্ধ আন্দোলনৰ আহবান
ভূগৰ্ভস্থ জলৰ ব্যৱহাৰকাৰীক কেন্দ্ৰীয় চৰকৰৰ পৰা বাধ্যতামূলক এন অ চি গ্ৰহণ, ভূগৰ্ভস্থ জলৰ ব্যৱহাৰৰ পঞ্জীয়ন মাচুল আৰু ব্যৱহাৰৰ নিৰিখ নিৰ্ধাৰণ আৰু জৰিমনা সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া জাননী সম্পৰ্কীয় সংবাদ মাধ্যমৰ বাতৰিত বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি, মহানগৰ উন্নয়ন সমিতি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিৰ পৰিচালনা সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে এক যৌথ বিবৃতিৰ জৰিয়তে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ইয়াক ভাৰতীয় সংবিধানৰ ৭ নং অনুচ্ছেদত ৰাজ্যৰ তালিকাৰ ১৭ নম্বৰত অন্তৰ্ভূক্ত বিষয় পানী আৰু পানী যোগান বিষয়ৰ উলংঘন বুলি মত প্ৰকাশ কৰিছে । বায়ুৰ লগতে পানীও জীৱন ধাৰণৰ অন্যতম অঙ্গ, পানীক ব্যৱহাৰৰ পৰা মানুহক বিৰত কৰাৰ অধিকাৰ কোনেও দিয়া নাই বুলিও সংগঠন তিনিটাই ক্ষোভ প্ৰকাশ কৰে । ভূগৰ্ভস্থ জলৰ ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগত পঞ্জীয়ন বাধ্যতামূলক কৰিব নোৱাৰে কাৰণ পানী যোগান, জলসিঞ্চন, পানী নিষ্কাষণ, জল সঞ্চয় আদিকে ধৰি পানীৰ সকলো বিষয়তে অধিকাৰ সংবিধানত সম্পূৰ্ণৰূপে ৰাজ্যৰ অন্তৰ্ভূক্ত বিষয় ।
গুৱাহাটী বাসীয়ে এটুপি পানীৰ বাবে কেবাটা দহকজুৰি হাহাকাৰ কৰি আহিছে । গুৱাহাটীৰ বৰ্তমানৰ পানী যোগান আঁচনিয়ে মাত্ৰ পচিশ শতাংশ লোকক সামৰিহে লৈছে, প্ৰয়োজনীয় পানী এওঁলোককো যোগান ধৰিব পৰা নাই । পৌৰ নিগমৰ দ্বাৰা স্থাপন কৰা ভূগৰ্ভস্থ পানী উত্তোলন কেন্দ্ৰ কেইটামানৰ জৰিয়তে আৰু কিছু সংখ্যক মানুহে পানী পাইছে যদিও সিবোৰৰ ব্যৱস্থাপনাৰ দায়িত্ব সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাসকলৰ ওপৰতে এৰি কৰ্তৃপক্ষই দায় সাৰিছে । গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্যৰ আন চহৰ সমূহৰ পৌৰ সভাসমূহ আৰু গ্ৰামাঞ্চলতো বিশুদ্ধ পানী যোগানৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাই বেছিভাগ ক্ষেত্ৰত মানুহক ভূগৰ্ভস্থ জলৰ ওপৰত নিৰ্ভৰ্শীল হ’বলৈ বাধ্য কৰোৱা হৈছে । এন অৱস্থাত বিঅকল্প ব্যৱস্থা নোহোৱালৈকে ভূগৰ্ভস্থ জলৰ ব্যৱহাৰৰ ওপৰত বাধা আৰোপ কৰা কাৰ্য সমৰ্থন যোগ্য নহয় । আনহাতে কৃষিতো বৰ্তমানে ভূজলৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে, বিশেষকৈ খৰাং পৰিস্থিতিত কৃষকে নিজা ব্যৱস্থাৰে ভূগৰ্ভস্থ জল উত্তোলন কৰি খেতি পথাৰত পানী যোগান ধৰিবলৈ বাধ্য হয় । কেন্দ্ৰীয় চৰকাৰৰ জলজীৱন মিছন ৰাজ্যত এক প্ৰকাৰ ব্যৰ্থ, মাত্ৰ ৩৫ শতাংশহে কাৰ্যকৰী হৈছে, ইয়াৰো বহুততে পানী পাবলৈ নাই, অকামিলা হৈ পৰি আছে । এখন কল্যাণকামী ৰাষ্ট্ৰৰৰ্পৰিচালক হিচাপে চৰকাৰে এইবোৰ বিষয়ত প্ৰাথমিকতা প্ৰদান কৰিব লাগে যদিও চৰকাৰৰ মূখ্য লক্ষ্য অতি সম্প্ৰতি যেনতেন ৰাজহ সংগ্ৰহ হৈ পৰিছে ।
বিগত সময় ছোৱাত ৰাজ্য চৰকাৰে সম্পত্তি কৰ বৃদ্ধি, সম্পত্তি কৰ সংগ্ৰহ আউট চৰ্চিং কৰা আদি জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি জনসাধাৰণক বিক্ষুদ্ধ কৰি তোলাৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰে ভূগৰ্ভস্থ পানীৰ ক্ষেত্ৰতো জনবিৰোধী, ৰাজ্যচৰকাৰৰ অধিকাৰ খৰ্ব কৰা জাননী জাৰি কৰি সাধাৰণ মানুহক অধিক বিতুষ্ট কৰি তুলিছে । বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি, মহানগৰ উন্নয়ন সমিতি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিৰ পৰিচালনা সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক উপৰোক্ত জাননী প্ৰত্যাহৰ কৰিবলৈ, ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়ত ৰাজ্যৰ অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে অসম চৰকাৰক সৰৱ হ’বলৈ দাবী জনায় । আনহাতে ভূগৰ্ভস্থ জলৰ ব্যৱহাৰৰ লগত জড়িত সকলো পক্ষকে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী জাননীখনৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ’বলৈকো সংগঠ্ন তিনিটাই আহবান জনাইছে ।
ধন্যবাদ সহ-
বেনুধৰ বৰুৱা, সভাপতি, বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি
টিকেন দাস, উপসভাপতি, মহানগৰ উন্নয়ন সমিতি, গুৱাহাটী
সৰ্বানন্দ দাস, সভাপতি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিৰ পৰিচালনা সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতি
বীৰেণ শৰ্মা, সাধাৰণ সম্পাদক, মহানগৰ উন্নয়ন সমিতি, গুৱাহাটী
মছদ্দৰ হুছেইন, মুখ্য আহবায়ক, বৃহত্তৰ গুৱাহাটী নাগইক সমন্বয়ৰক্ষী সমি
ওপৰৰ যৌথ বিবৃতিটো প্ৰ্কশ কৰিবলৈ অনুৰোৰোধ জনাইছোঁ । ধন্যবাদ ।
মছদ্দৰ হুছেইন,
মুখ্য আহবায়ক, বৃহত্তৰ গুৱাহাটী মহানগৰ উন্নয়ন সমিতি
যোগাযোগ – ৮৪৮৬৪-৬৫১৮৩
কোন মন্তব্য নেই