Header Ads

অসমের মিঞা জনগোষ্ঠীর নতুন মঞ্চের আত্মপ্রকাশ, এই জনগোষ্ঠীকে শক্তিশালী করার আহবান

*এইবাৰ মিঞা জনগোষ্ঠীয় মঞ্চৰ আত্মপ্ৰকাশ, মিঞাসকলৰ শক্তিশালী কৰাৰ পৰিকল্পনা*
 
 নয়া ঠাহর ,প্রতিবেদন :মিঞাসকলক একত্ৰিত কৰিবলৈ এইবাৰ অসমৰ গোৱালপাৰা জিলাত আত্ম প্ৰকাশ কৰিলে মিঞা জনগোষ্ঠীয় মঞ্চ, অসম নামৰ এটা সংগঠনটোৰ । মিঞা সকল অসমৰ কাৰনে কিমান বিপদজনক সেই কথা অসমক ভাল পোৱা প্ৰতি ভুমি পুত্ৰ ই  ভালদৰে অনুভৱ কৰে । তাহানিৰ সেই মিঞা কবিতা , মিঞা মিউজিয়াম , মিঞা লেণ্ড ৰ দাবীৰ পিছত এইবাৰ মিঞাসকলৰ সন্মান দিবলৈ আহ্বান মিঞা জনগোষ্ঠীয় মঞ্চৰ । অসম ৰ প্ৰতিজন মিঞা ক একগোট কৰি তেওঁলোকে যি পৰিকল্পনা হাতত ল'ব বিচাৰিছে সেই পৰিকল্পনা অসমৰ কাৰনে কিহৰ আগজাননী সেইকথা অসমৰ খিলঞ্জীয়া ভুমি পুত্ৰ সকলে ভাল দৰে অনুভৱ কৰে । 


ইয়াৰোপৰি একাংশ বুদ্ধিজীৱী য়ে Miya community research collective তথা facebook ত আংগো খৱৰ আদি ৰ পেজৰ দ্বাৰা মিঞা সংস্কৃতি ক প্ৰজেক্ট কৰিবলৈ চেষ্টা কৰি আছে । এই কামত যে অকল মিঞাসকল অকলে আছে তেনে নহয় , ভাৰতবৰ্ষ ৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বামপন্থী চিন্তা ৰ একাংশ ই মিঞাসকলক আন্তঃৰাষ্ট্ৰীয় গৱেষণা কাৰ্যত যথেষ্ট সহায় কৰিছে । আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনে এটা ৱেব সৃষ্টি কৰিব চেষ্টা কৰা হৈছে যে অসমীয়া আৰু মিঞা এক হৈ থাকিব বিচাৰে । মিঞাৰ হৈ যেতিয়া খিলঞ্জীয়া এজনে প্ৰবন্ধ লিখিব তেনে ভাৱনাৰ সৃষ্টি হোৱাটো স্বাভাৱিক । Indian express, the Wire ,The Scroll ৰ উপৰিও গৱেষণামুলক website ত মিঞাৰ ওপৰত উৎপীড়ন , মিঞাৰ দুৰৱস্থা আদি বিষয়বোৰ প্ৰজেক্ট কৰা হৈ আহিছে । মিঞা অঞ্চলত বিহু পাতি , ফটোত কাৰনে গ'ল ত গামোচা লৈ মিঞাসকল আজিৰ তাৰিখত অতি অসমীয়া ।আজি প্ৰতিটো ক্ষেত্ৰত মিঞাৰ নেটৱৰ্ক । অৰ্থনৈতিক ভাৱেও খিলঞ্জীয়া তকৈ যথেষ্ট শক্তিশালী এই মিঞাসকল ।


গোৱালপাৰা ত আত্মপ্ৰকাশ কৰিয়েই সংবাদমেলযোগে সংগঠনটোৱে মিঞা জনগোষ্ঠীৰ সন্দৰ্ভত বহুকেইটা মন্তব্য আগবঢ়ায়৷ মিঞা জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ছাহজাহান আলীয়ে মিঞাসকলৰ জনগোষ্ঠীয় পৰিচয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য প্ৰদান কৰে ।মিঞাসকলৰ ভাষা অসমীয়া আৰু অসমীয়া সংস্কৃতিৰ পোষকতা কৰা মিঞাসকল যুগে যুগে অসমীয়া বুলি মন্তব্য কৰে নতুনকৈ আত্মপ্ৰকাশ কৰা সংগঠনটোৱে । অসমীয়া কলা সংস্কৃতিৰ চৰ্চাৰ লগতে মিঞাসকলৰ নিজস্ব সংস্কৃতিৰ কথাও উল্লেখ কৰি কয় যে, মিঞা জনগোষ্ঠী বৃহত্তৰ প্ৰাচীন কামৰূপৰ এক ঐতিহ্যপূৰ্ণ জনগোষ্ঠী । কৃষিৰ ওপৰত নিৰ্ভৰশীল এই জনগোষ্ঠীটো অবিভক্ত ভাৰতবৰ্ষৰ আদি বাসিন্দা‌ৰূপে অসম ভূমিত ডেৰ শতাধিক বছৰ পূৰ্বৰ পৰাই বাস কৰি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি নিজকে অসমীয়াৰূপে চিনাকি দি গৌৰৱবোধ কৰি আহিছে ।তেওঁ লগতে কয় যে  মিঞা জনগোষ্ঠীয় মঞ্চ, অসমে আগন্তুক দিনত ৰঙালী বিহু উদযাপন কৰিব । মিঞাসকলক বাদ দি শীৰ্ষ পাঁচখন ৰাজ্যত অসম চামিল হোৱাটো অসম্ভৱ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মিঞা জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ছাহজাহান আলীয়ে ৷ সময় সমাগত, কথাবোৰ বিশ্লেষণ ভাৱে অনুভৱ কৰি হাতে কামে শক্তিশালী হোৱাৰ ।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.