Header Ads

শ্রীমন্ত শংকর দেবের প্রথম জীবনী কার একজন বাঙালি উমেশ চন্দ্র দেব

অধ্যাপক প্রশান্ত চক্রবর্তী ,  :শ্ৰীমন্ত শঙ্কৰদেৱৰ আধুনিক ভাৰতীয় ভাষাত প্ৰথম জীৱনীকাৰজন এজন বাঙালী। নাম~উমেশচন্দ্ৰ দেৱ। 
   সাহিত্যৰথী বেজবৰুৱাৰ "শ্ৰীশ্ৰীশঙ্কৰদেৱ", "শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ" নামৰ অনন্য কিতাপৰ প্ৰণয়নৰ পূৰ্বে উমেশচন্দ্ৰই বাংলা ভাষাত "শঙ্করদেব" নামৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছিল। 
    লক্ষ্মীনাথ বেজবৰুৱাৰ শঙ্কৰদেৱ বিষয়ক  প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হৈছিল ১৯১১ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত।
   গুৰুজনাৰ প্ৰথম জীৱনী ৰূপে মুদ্ৰিত পুস্তক প্ৰকাশৰ গৌৰৱ সাহিত্যৰথীৰ প্ৰাপ্য। কিন্তু  গুৰুজনাৰ প্ৰথম আধুনিক ভাৰতীয় ভাষাত জীৱনী প্ৰণেতা বাঙালী উমেশচন্দ্ৰ দে। উমেশচন্দ্রৰ কিতাপখন প্ৰকাশকালৰ ফালৰ পৰা দ্বিতীয় আৰু ৰচনাকালৰ পৰা গুৰুজনাৰ প্ৰথম জীৱনী। 
   উমেশচন্দ্ৰ দেৱ(১৮৭৩-১৯৩৯) অবিভক্ত অসমৰে সুসন্তান।
সমগ্ৰ জীৱন অসমতেই আছিল। কৰ্মসূত্ৰে তেজপুৰ নিবাসী। 
   উমেশচন্দ্ৰৰ এই মহান কৰ্মৰ মূল উৎসাহদাতা আছিল বিশিষ্ট অসমীয়া পণ্ডিত হেমচন্দ্ৰ গোস্বামী। পণ্ডিত হেমচন্দ্ৰই ১৯০৫ চনৰ ২ মে তাৰিখে কামৰূপৰ চাব ডেপুটি কালেকটৰৰ পৰা তেজপুৰত এক্সট্ৰা এছিচটেন্ট কমিশ্যনাৰ পদত যোগ দিছিল আৰু তেজপুৰত তেখেতে উমেশচন্দ্ৰক লগ পাইছিল। উমেশচন্দ্ৰই নিজে লিখিছে : 
    "শঙ্করদেব সম্বন্ধে মৌলিক অনুসন্ধানের জন্য আসামের প্রত্নতত্ত্বপারদর্শী শ্রীযুক্ত হেমচন্দ্র গোস্বামী ডেপুটি ম্যাজিস্ট্রেট মহাশয় আমাকে সর্ব্বপ্রথম উৎসাহিত করেন। দুই বৎসর কাল শঙ্করদেব সম্বন্ধে যে কোন ভাষায় যে কোন স্থানে যাহা কিছু লিখিত হইয়াছে বলিয়া সন্ধান পাইয়াছি, যত দূর সম্ভব, তৎসমস্ত সংগ্রহ করিয়া ছয়টি প্রবন্ধ রচনা করি। ঐগুলি গৌহাটী বঙ্গসাহিত্যানুশীলনী সভায় পঠিত হয়।"(রঙ্গপুর-সাহিত্য-পরিষদ পত্রিকা, ১৩২০ বঙ্গাব্দ, সংখ্যা ৩-৪, পৃ ৯৭, উপক্রমণিকা)।
   উমেশচন্দ্ৰই ১৯০৫-ৰ পৰা ১৯০৯ চনলৈ অসমত প্ৰচলিত শ্ৰীমন্তশঙ্কৰদেৱ বিষয়ক সমূহ তথ্য সংগ্ৰহ কৰিছিল।
    ১৯০৯ চনৰ ফেব্ৰুৱাৰী মাহত কটন কলেজৰ স্বনামধন্য অধ্যাপক পদ্মনাথ বিদ্যাবিনোদৰ নেতৃত্বত জন্ম লৈছিল "গৌহাটী বঙ্গ সাহিত্যানুশীলনী সভা"। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ "কফি হাউচ"-মূল কক্ষত উক্ত সভাৰ বৈঠকবোৰ অনুষ্ঠিত হৈছিল। আৰু সেই ঐতিহ্যশালী গৃহটোৰ নাম তেতিয়া আছিল "কাৰ্জন হল"  পিছলৈ সেই গৃহক কটনৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ কৰা হৈছিল।
   উমেশচন্দ্ৰই সেই সভাৰ সাহিত্যবৈঠকবোৰত তেখতৰ শঙ্কৰদেৱ বিষয়ক জীৱনীৰ পাণ্ডুলিপি পাঠ কৰি শুনাইছিল আৰু "গৌহাটী বঙ্গ সাহিত্যানুশীলনী সভা"ই বাংলা ভাষাত ৰচিত এই পাণ্ডুলিপি "শঙ্করদেবের জীবন-চরিত" হিচাপে গ্ৰন্থাকাৰে প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যদিও সেই গ্ৰন্থ কলকাতাৰ "বঙ্গদেশীয় কায়স্থ সভা হইতে প্ৰকাশিত" হয়।
   উমেশচন্দ্রই গুৰুজনাৰ প্ৰতি ইমানেই নিবেদিতপ্ৰাণ আছিল যে প্ৰচ্ছদত "ভগবান্ শঙ্করদেবের জীবনচরিত" বুলি উল্লেখ কৰিছিল।  
    ১৯৮৫ চনত স্বনামধন্য অসমীয়া পণ্ডিত নগেন শইকীয়াদেৱে অসম সাহিত্য সভাৰ যোৰহাটৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ পৰা উমেশচন্দ্ৰৰ কিতাপখন উদ্ধাৰ কৰিছিল আৰু অসমীয়া গ্ৰন্থৰ অন্যতম স্বনামধন্য প্ৰকাশক "শ্ৰীভূমি পাবলিশিং"-ৰ (সত্ত্বাধিকাৰী অৰুণ পুৰকায়স্থ~যিগৰাকী প্ৰকাশকে ড. ভূপেন হাজৰিকাৰ "আমাৰ প্ৰতিনিধি" নামৰ অসমীয়া মাহেকীয়া পত্ৰিকাৰ মুদ্ৰণ আৰু প্ৰকাশনৰ দায়িত্ব পালন কৰিছিল) পৰা নতুনকৈ প্ৰকাশ কৰিছিল। সম্প্ৰতি কিতাপখন "বাংলা সাহিত্য সংস্কৃতি সমাজ, গুয়াহাটি"-ৰ পৰা পুনৰ্মুদ্ৰণ কৰা হৈছে। সম্পাদক ড. বাণীপ্ৰসন্ন মিশ্ৰ।

   গুৰুজনাৰ তিৰোভাৱ তিথিত তেখেতৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাওঁ আৰু আধুনিক ভাৰতীয় ভাষাত তেখেতৰ প্ৰথম জীৱনীকাৰ উমেশচন্দ্ৰ দেৱক শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণ  

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.