Header Ads

সরস্বতী র জন্ম স্থান আজকের জশী মঠ ?

*সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?* 

সৰস্বতী পূজা সমাগত৷ সৰস্বতী পুজাৰ আয়োজন আৰম্ভ হৈছে দেশৰ প্ৰায় প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়কে ধৰি শিক্ষা প্ৰতিষ্ঠানসমূহত৷ কিন্তু সৰস্বতীৰ জন্ম ক’ত হৈছিল?
যোশীমঠৰ পৰা প্ৰায় ৫০ কিঃমিঃ দূৰত্বত আছে এখন বিশেষ গাওঁ৷ মানা গাওঁ ( জিলা-চামলী, উত্তৰাখণ্ড )৷ এইখন ভাৰতবৰ্ষৰ শেষ গাওঁ৷ মহাভাৰত অনুসৰি এই গাঁৱৰ মাজেৰেই মহাপ্ৰস্থানৰ দিশেৰে আহবাঢ়িছিল দ্ৰৌপদীসহ পঞ্চপাণ্ডৱে৷ মানা গাওঁৰ মাজেৰেই বৈ গৈছে সৰস্বতী নদীও৷ এই সৰস্বতী নদীৰ ওপৰতেই ভীমে দ্ৰৌপদীৰ বাবে এটি সেঁতুও নিৰ্মাণ কৰিছিল ভীমে৷
এই মানা গাঁৱতেই ব্ৰহ্মাৰ মুখগহ্বৰৰ পৰা সৰস্বতীৰ জন্ম বুলি এক লোকবিশ্বাস যুগে যুগে চলি আহিছে৷ মানা গাওঁতেই সৰস্বতী নদীত স্নান কৰি ব্যাসদেৱে পুৰাণ ৰচনা কৰিছিল৷ মহাভাৰতৰ নিদৰ্শন আজিও মানা গাঁৱলৈ গ’লে দেখা যায়৷ সমুদ্ৰতলৰ পৰা ৩২০০মিটাৰ উচ্চতাত অৱস্থিত এই গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যও লেখত ল’বলগীয়া৷ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈকে বছৰি বহু পৰ্যটক মানা গাঁৱলৈ আহে৷

মানা গাঁৱত সৰস্বতীৰ জন্ম বুলি বহুকেইখন শাস্ত্ৰতেই উল্লেখ আছে৷ বদ্ৰীনাথ ধামৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত অৱস্থিত এই গাঁৱৰ আৰম্ভণিতেই লিখা আছে বিশেষ ফলক, **‘The Last Indian Village’** প্ৰচলিত বিশ্বাস অনুসৰি স্বৰ্গযাত্ৰাৰ সময়ত ভীমে দ্ৰৌপদীৰ বাবে এটা সেঁতুও নিৰ্মাণ কৰিছিল৷ দ্ৰৌপদীৰ নদী পাৰ হওঁতে অসুবিধা নহ’বৰ বাবেই ভীমে এই সেঁতু নিৰ্মাণ কৰিছিল৷ ভীম সেঁতু আজিও এই স্থানলৈ গ’লে দেখা যায়৷ নদীৰ পাৰতেই ২০ ফুট দীঘল ভৰিৰ চাপ দেখা যায়৷ মানা গাঁৱতেই আছে গণেশ গুহাও৷ এই গুহাতেই বহি ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছিল৷

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.